আজি ৬ জানুৱাৰী

▶️১৩১৬ চনৰ এই দিনটোতেই দিল্লীৰ চুলতান আলাউদ্দিন খিলিজীৰ মৃত্যু হৈছিল।
▶️১৮৮৪ চনৰ এই দিনটোতেই অষ্ট্ৰিয়াৰ ধৰ্মযাজক আৰু প্ৰকৃতিবিজ্ঞানী গ্ৰেগৰ যোহান মেণ্ডেলৰ মৃত্যু হৈছিল।
▶️১৮৮৫ চনৰ আজিৰ দিনটোতেই আধুনিক হিন্দী গদ্য সাহিত্যৰ জনক ৰূপে খ্যাত ভৰতেন্দু হৰিশ্চন্দ্ৰৰ বাৰাণসীত মৃত্যু হৈছিল।
▶️১৯১৯ চনৰ এই দিনটোতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰূপে দুবাৰ কাৰ্যনিৰ্বাহ কৰা থিঅ’ডৰ ৰুজভেল্টৰ মৃত্যু হৈছিল।
▶️১৯৪৭ চনৰ এই দিনটোতেই ভাৰত বিভাজনৰ বাবে অল ইণ্ডিয়া কংগ্ৰেছ কমিটীৰ অনুমোদন। এই বিষয়ে হোৱা ভোটৰ সপক্ষে ৯৯টা আৰু বিপক্ষে ৫২টা ভোট পৰে।
▶️১৯৫৯ চনৰ আজিৰ দিনটোতেই ভাৰতৰ ক্ৰিকেট কিংবদন্তি কপিল দেৱৰ জন্ম হৈছিল।
▶️১৯৬১ চনৰ এই দিনটোতেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৬৬ সংখ্যক অধিৱেশন গুজৰাটৰ ভৱনগৰত আৰম্ভ হৈছিল। দুদিনীয়া এই অধিৱেশনৰ সভাপতি আছিল নীলম সঞ্জীৱ ৰেড্ডী।
▶️১৯৭১ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ যাদুকৰ পি চি সৰকাৰ (প্ৰতুল চন্দ্ৰ সৰকাৰ)ৰ মৃত্যু ঘটিছিল।
▶️১৯৮১ চনৰ এই দিনটোতেই ভাৰতীয় বিজ্ঞানীৰ এন্টাৰ্কটিকালৈ যাত্ৰা।
▶️১৯৮৯ চনৰ আজিৰ দিনটোতেই ইন্দিৰা গান্ধীৰ হত্যাত অভিযুক্ত সতৱন্ত সিং আৰু কেহৰ সিঙক নতুন দিল্লীৰ তিহাৰ জেলত ফাঁচি।
▶️১৯৮৯ চনৰ এই দিনটোতেই অসমীয়া সাপ্তাহিক কাকত ‘সাদিন’ৰ প্ৰকাশ।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই টেষ্ট ক্ৰিকেটৰ পৰা অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ষ্টিভ ৱ’ৰ অৱসৰ।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই প্ৰবীণ ৰাজনীতিবিদ নিবাৰণ বৰাৰ মৃত্যু হৈছিল।
▶️২০০৫ চনৰ এই দিনটোতেই গুৱাহাটীত বৰভূঁইকঁপৰ সম্ভাৱনাৰ কথা ঘোষণা মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ।।

 

You might also like
Leave A Reply

Your email address will not be published.