আজি ৬ নৱেম্বৰ

▶️১৮৯২ চনৰ আজিৰ দিনটোতেই ব্ৰিটিছ বিজ্ঞানী ছাৰ জন উইলিয়াম এলককৰ ইংলেণ্ডৰ মানচেষ্টাৰত জন্ম হৈছিল।এলককেই বিশ্বৰ ভিতৰত প্ৰথমবাৰৰ বাবে বিমানেৰে আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰিছিল (১৪-১৫ জুন,১৯১৯)।
▶️১৯২৫ চনৰ আজিৰ দিনটোতেই মহাত্মা গান্ধীৰ শিষ্য তথা ভাৰতৰ খাদী আন্দোলনৰ সক্ৰিয় কৰ্মী ইংৰাজ মহিলা মীৰা বেনৰ ভাৰতলৈ আগমন।
▶️১৯৪৩ চনৰ আজিৰ দিনটোতেই আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ অধিকাৰ জাপানৰ পৰা আজাদ হিন্দ ফৌজলৈ হস্তান্তৰ।
▶️১৯৬২ চনৰ আজিৰ দিনটোতেই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ পৰা দক্ষিণ আফ্ৰিকাক বহিস্কাৰ।
▶️১৯৮৫ চনৰ আজিৰ দিনটোতেই ভাৰতীয় চলচ্চিত্ৰৰ যশস্বী অভিনেতা অভিনেতা সঞ্জীৱ কুমাৰৰ মৃত্যু।অভিনয় জীৱনত ১৩৫ খন ছবিত অভিনয় কৰি সঞ্জীৱ কুমাৰে ছবিজগতত এক অনন্য অভিলেখ ৰচিছিল।
▶️২০০১ চনৰ আজিৰ দিনটোতেই অসমীয়া দৈনিক বাতৰি কাকত ‘অসমীয়া খবৰ’ৰ প্ৰথম প্ৰকাশ।।

 

You might also like
Leave A Reply

Your email address will not be published.