আজি ৭ ছেপ্টেম্বৰ

▶️১৫৩৩ চনৰ আজিৰ দিনটোতেই ইংলেণ্ডৰ ৰাণী প্ৰথম এলিজাবেথৰ জন্ম হৈছিল।
▶️১৯০৭ চনৰ আজিৰ দিনটোতেই সাহিত্যত প্ৰথম নোবেল বঁটা বিজয়ী ছালী প্ৰুধোমৰ মৃত্যু ঘটিছিল।
▶️১৯১৩ চনৰ আজিৰ দিনটোতেই ফৰাচী ঔপন্যাসিক,নাট্যকাৰ, অস্তিত্ববাদী দাৰ্শনিক আলবেয়াৰ কেমুৰ জন্ম হৈছিল।
▶️১৯১৫ চনৰ আজিৰ দিনটোতেই সাহিত্যিক মহেশ্বৰ নেওগৰ জন্ম হৈছিল।
▶️১৯৩১ চনৰ এই দিনটোতেই লণ্ডনত দ্বিতীয় ঘূৰণীয়া মেজমেল আৰম্ভ। মহাত্মা গান্ধীৰ এই মেজমেলত যোগদান। সেই বৰ্ষৰে ১ ডিচেম্বৰলৈ চলা এই মেজমেল ব্যৰ্থ হৈছিল।
▶️১৯৫৬ চনৰ আজিৰ দিনটোতেই তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন।
▶️১৯৬২ চনৰ আজিৰ দিনটোতেই অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ বিষ্ণু সাহায়ৰ। ১৯৬৮ চনৰ ১৬ এপ্ৰিললৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৮৮ চনৰ আজিৰ দিনটোতেই মিজোৰামত ৰাষ্ট্ৰপতি শাসন জাৰি।
▶️২০০১ চনৰ আজিৰ দিনটোতেই মধ্য প্ৰদেশৰ উজ্জয়িনীৰ বিক্ৰম বিশ্ববিদ্যালয়ত জ্যোতিষশাস্ত্ৰৰ পাঠ্যক্ৰম আৰম্ভ হৈছিল।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই ইউ এছ অপেনৰ মহিলাৰ ছিংগলছত জাষ্টিন হেনিন হাৰ্ডেনৰ খিতাপ অৰ্জন।।

You might also like
Leave A Reply

Your email address will not be published.