নিউজ ডেস্ক:
ৰাজ্যত পুনৰ পোহৰলৈ আহিছে কিশোৰী নিৰ্যাতনৰ ভয়ংকৰ ঘটনা। এইবাৰ বনকৰা কিশোৰীক গৰম পানী ঢালি অত্যাচাৰ এহাল দম্পতিৰ। তিনিচুকীয়াৰ কাকপথাৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।আটছাৰ তিনিচুকীয়া জিলা সমিতিৰ সাংগঠনিক সম্পাদক মনেশ্বৰ চাওৰাৰ বিৰুদ্ধে উত্থাপিত হৈছে কিশোৰী নিৰ্যাতনৰ গুৰুতৰ অভিযোগ। ছাত্ৰনেতা গৰাকীৰ লগতে তেওঁৰ শিক্ষয়ত্ৰী পত্নীৰ বিৰুদ্ধেও উত্থাপিত হৈছে কিশোৰী গৰাকীক শাৰীৰিক অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ।
নিৰ্যাতিত কিশোৰী গৰাকীক ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত ছাত্ৰনেতা মনেশ্বৰ চাওৰাক আটক কৰিছে। উল্লেখ্য যে কিশোৰীগৰাকীৰ দেহত পৰিলক্ষিত হৈছে গৰম বস্তুৰে পোৰা আঘাতৰ চিন। ঘটনা সন্দৰ্ভত কাকপথাৰ আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত।।