বৃহস্পতিবাৰে শ্ৰীলংকাৰ অনুৰাধাপুৰাত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় প্ৰাক্তন শ্ৰীলংকাৰ ক্ৰিকেটাৰ লাহিৰু থিৰিমানে। এক গুৰুতৰ মুখামুখি সংঘৰ্ষৰ সন্মুখীন হয় প্ৰাক্তন শ্ৰীলংকান অধিনায়কগৰাকীৰ বাহন। দুৰ্ঘচনাৰ পিছত শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক লাহিৰু থিৰিমানেক অনুৰাধাপুৰা শিক্ষণ চিকিৎসালয়লৈ লৈ যোৱা হয়। জানিব পৰামতে, লাহিৰুৰ সৈতে দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আৰু এজন ব্যক্তি উপস্থিত আছিল। লাহিৰু থিৰিমানেৰ আঘাতৰ বিষয়ে সঠিককৈ এতিয়ালৈ কোনো তথ্য লাভ কৰা নাই।
জানিব পৰামতে, লাহিৰু থিৰিমানে তেওঁৰ পৰিয়ালৰ সৈতে মন্দিৰ দৰ্শন কৰিবলৈ যোৱাৰ সময়তে সন্মুখৰ পৰা অহা এখন লৰীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত তেওঁৰ বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়।
থিৰিমানে তেওঁৰ দশকজোৰা ক্ৰিকেট কেৰিয়াৰত ৪৪ খন টেষ্ট মেচ, ১২৭ খন এদিনীয়া আৰু ২৬ খন টি-20 খেলিছিল। তেওঁ ২০১৪ চনৰ বিজয়ী সংস্কৰণকে ধৰি তিনিটা টি-২০ বিশ্বকাপ শৃংখলাৰ অংশ আছিল। প্ৰাক্তন শ্ৰীলংকান অধিনায়ক গৰাকীয়ে ২০২৩ চনৰ জুলাইত অৱসৰ গ্ৰহণ কৰিছিল।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like