আজি ১৫ মাৰ্চ

➡️ইটালীৰ ৰাষ্ট্ৰীয় দিৱস।
➡️১২০৬ চনৰ উত্তৰ ভাৰতত মুছলমান সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা মহম্মদ ঘোৰীৰ (প্ৰকৃত নাম চাহাবুদ্দিন)ৰ মৃত্যু।
➡️১৫৬৪ চনত অ-মুছলমানসকলৰ ওপৰত থকা ‘জিজিয়া কৰ’ আকবৰৰ প্ৰত্যাহাৰ। দাস বংশৰ কুটুবুদ্দিন আইবাকে এই কৰ আৰোপ কৰিছিল।
➡️১৯১৪ চনত সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱাৰ মৃত্যু।
➡️১৯১৯ চনত হায়দৰাবাদৰ প্ৰসিদ্ধ ওছমানিয়া বিশ্ববিদ্যালয় মুকলি।
➡️১৯৫০ চনত বুৰঞ্জীবিদ, গৱেষক এডৱাৰ্ড গেইটৰ মৃত্যু। ‘এ হিষ্ট্ৰী অব্ আছাম’ তেওঁৰ প্ৰসিদ্ধ গ্ৰন্থ।
➡️১৯৭৮ চনত অসমৰ ঢোলৰ যাদুকৰ ৰূপে খ্যাত মঘাই ওজাৰ মৃত্যু।
➡️১৯৮৮ চনত স্বাধীনতাৰ পাছত ভাৰতত প্ৰথম ‘ভাৰত বন্ধ’। প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ পদত্যাগৰ দাবীত আঠটা ৰাজনৈতিক দলে এই বন্ধৰ আহ্বান দিছিল। অৱশ্যে বন্ধৰ বিশেষ প্ৰভাৱ নপৰিল।
➡️১৯৯৪ চনত গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো যাদুঘৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ মুকলি।

You might also like
Leave A Reply

Your email address will not be published.