মোদীৰ পিছত এইবাৰ কংগ্ৰেছৰ গেৰান্টি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিছত আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলে আগবঢ়ালে পাঁচটা গেৰাণ্টি ।
২০২৪ত ক্ষমতালৈ আহিলেই এই ৫ টা গেৰেণ্টী পূৰণ কৰিব কংগ্ৰেছে দলে। বিশেষকৈ মহিলাসকলৈ ৫টা ডাঙৰ খবৰ ঘোষণা কৰে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে।কংগ্ৰেছৰ চৰকাৰ আহিলেই দেশৰ কোটি কোটি মহিলাই বছৰি লাভ কৰিব ১ লাখ টকা। চৰকাৰী চাকৰিত ৫০% আসন সংৰক্ষিত থাকিব প্ৰধানকৈ মহিলাসকলৰ বাবে। আশাকৰ্মী, অংগনবাড়ী কৰ্মী, ৰান্ধনী সকলৰ বাবে দৰমহা দুগুণ বৃদ্ধ হ’ব বুলি আশ্বাস কংগ্ৰেছ চৰকাৰৰ।আৰু প্ৰত্যেক পঞ্চায়তত এগৰাকী অধিকাৰ মৈত্ৰী নিয়োগ কৰা হ’ব।ভাৰতৰ প্ৰথম মহিলা শিক্ষয়িত্ৰীসকলৰ ভিতৰত অন্যতম শিক্ষয়িত্ৰী সাবিত্ৰী ফুলেৰ নামত প্ৰতিখন জিলাত যুৱতিসকলৰ বাবে হোষ্টেল খোলা হ’ব।

শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ঘোষণা কৰিলে কংগ্ৰেছৰ এই পাঁচটা কৈ বৃহৎ ঘোষণা। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজতে বৃহস্পতিবাৰে ৰাজস্থানৰ বনস্বৰাত এক ৰাজহুৱা সভাত ৫ টাকৈ গেৰাণ্টি প্ৰদান কৰা কথা ঘোষণা কৰিছিল কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে। প্ৰতিশ্ৰুতি অনুসৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি সদৰী কৰিছে কংগ্ৰেছ দলপতি দেৱব্ৰত শইকীয়াই।

কংগ্ৰেছৰ এই ৫ গেৰাণ্টী হৈছে: ”ভাৰতী ভৰোছা, পেহলি নৌকৰি পক্কি, ন’ ম’ৰ পেপাৰ লিকছ, ছ’চিয়েল ছিকিউৰিটি ফ’ৰ গিগ ৱৰ্কাৰ্ছ আৰু য়ুৱা ৰৌচনি” । তেওঁ কয় যে ভাৰতী ভৰোছা গেৰাণ্টী অনুযায়ী ২০২৪ চনত ইণ্ডিয়া মিত্ৰজোঁটে চৰকাৰ গঠন কৰাৰ পিচতে ৩০ লাখ চাকৰি চৰকাৰী পদত নিযুক্তিৰ প্ৰদান কৰা হ’ব ।কংগ্ৰেছে চৰকাৰ গঠন কৰিলে নিযুক্তিৰ নিশ্চয়তাৰ লগতে প্ৰথমে চাকৰি নিশ্চিত কৰাৰ কাম কৰা হ’ব বুলি ঘোষণা কৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে।

দ্বিতিয়তে প্ৰথম চাকৰি নিশ্চিত কৰাৰ বাবে নতুন প্ৰশিক্ষণ অধিকাৰ আইন অনুসৰি প্ৰতিজন ডিপ্লমাধাৰী বা কলেজৰ স্নাতকক ৰাজহুৱা বা ব্যক্তিগত খণ্ডৰ কোম্পানীত এবছৰৰ প্ৰশিক্ষণ দিয়া হ’ব আৰু উক্ত সময়ছোৱাত প্ৰশিক্ষাৰ্থীসকলে ১ লাখ টকাকৈ (মাহে ৮৫০০ টকা) লাভ কৰিব । সেইদৰে ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ চৰকাৰে প্ৰশ্নকাকত ফাদিল ৰোধ কৰিব বুলি উল্লেখ কৰে।

তৃতিয়তে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাণ্ডই দেশৰ কোটি কোটি শিক্ষাৰ্থীৰ জীৱন ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ কথা উল্লেখ কৰিছে।
পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাণ্ড আৰু সংগঠিত নকল ৰোধ কৰাৰ লক্ষ্যৰে কংগ্ৰেছ চৰকাৰে গেৰান্টী দিয়াৰ ঘোষণা কৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে।

আনহাতে চতুৰ্থতে গিগ অর্থনীতিত সামাজিক সুৰক্ষা নিশ্চিত কৰি কংগ্ৰেছে প্ৰতি বছৰে গিগ অৰ্থনীতিত কর্মসংস্থাপন বিচৰা লাখ লাখ যুৱকৰ-যুৱতী বাবে উন্নত কৰ্ম পৰিস্থিতি আৰু সামাজিক সুৰক্ষা নিশ্চিত কৰিবলৈ আইন অনাৰ গেৰাণ্টী প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে।

পঞ্চমটো গেৰাণ্টী অনুযায়ী কংগ্ৰেছ শাসনলৈ আহিলে দেশৰ সকলো জিলাকে পাঁচ বছৰৰ বাবে আৱণ্টন দিয়াৰ সুবিধাৰে নতুন চৰকাৰে ৫ হাজাৰ কোটি টকাৰ পুঁজি আবণ্টন কৰিব । ইয়াৰ জৰিয়তে ৪০ বছৰৰ তলৰ যুৱক-যুৱতীসকলে যিকোনো ক্ষেত্ৰতে নিজৰ ব্যৱসায়ৰ বাবে ষ্টার্ট-আপ ফাণ্ডিং লাভ কৰিব পাৰিব বুলি ঘোষণা কৰে সাংসদ ৰাহুল গান্ধীয়ে।

You might also like
Leave A Reply

Your email address will not be published.