আকাশমাৰ্গত মৃত্যুৰ বিভীষিকা!

পুনৰ আকাশমাৰ্গত সংঘটিত হৈছে বিমান দুৰ্ঘটনা। মাজ আকাশতে উৰি থকা সময়তে দুৰ্ঘটনা পতিত হৈছিল বিমানখন।
দুৰ্ঘটনাত পতিত হোৱা বিমানখন ৰাছিয়াৰ এখন সামৰিক পৰিবহণ বিমান আছিল।

পশ্চিম ৰাছিয়াৰ এটা বিমান ঘাটিৰ পৰা উৰা মৰা সামৰিক পৰিবহণ বিমানখন মঙলবাৰে দুৰ্ঘটনাগ্ৰস্ত হয় বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে জনোৱা মতে, ভূপতিত হোৱা বিমানখনত নাম আছিল Il-76 আৰু বিমানখনত মুঠ ৮ জন ক্ৰু আৰু ৭ জন যাত্ৰী আছিল।আৰু বিমানখনত যাত্ৰী সহ সেনাৰ সামগ্ৰী কঢ়িওৱা আছিল।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে উৰণৰ সময়ত বিমানখনত যান্ত্ৰিক বিজুতিৰ বাবে জুই লেলিহানে আগুৰি ধৰিছিল।ৰাছিয়াৰ ইভানোভ’ৰ গৱৰ্ণৰ ষ্টেনিছলাভ ভোস্ক্ৰেচেনস্কিয়ে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

You might also like
Leave A Reply

Your email address will not be published.