চৰাই থকা ঠাইডোখৰ পৰা দুৰত থাকক

ৰ’ণাৰ আতংক সম্পূৰ্ণৰূপে শেষ নহওতেই আকৌ এইবাৰ ‘Parrot Fever’ৰ আতংক। বিশ্বৰ ভিন্ন প্ৰান্তত এতিয়া এই ভাইৰাছে আগুৰি ধৰা পৰিলক্ষীত হৈছে। ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ ইউৰোপত ৫জনকৈ লোকৰ মৃত্যু হৈছে। চীন আৰু জাপানৰ পিছত এতিয়া ভাৰতত নিউমোনিয়া সদৃশ লক্ষণে সমগ্ৰ ৰাজ্যতে আতংকৰ পৰিস্থিতিৰ পৰিলক্ষিত হৈছে।
ই এক প্ৰকাৰৰ বেক্টেৰিয়া যি চৰাই পৰা সংক্ৰমিত হয়। Parrot Fever বা ভাটৌ জ্বৰক Psittacosis বা Chlamydia psittaci infection বুলি কোৱা হয়। এই ৰোগ সাধাৰণতে পাৰ, ককটেইল, কপৌ চৰাইৰ ৰ পৰা মানুহৰ দেহলৈ বিয়পিব পাৰে। চিকিৎসকৰ মতে,যেতিয়া কোনো ব্যক্তিয়ে এই বেক্টেৰিয়াৰ সংস্পৰ্শলৈ আহে তেতিয়া জ্বৰ, ঠাণ্ডা, মূৰৰ বিষ,মাজে মাজে ফোহা ওলোৱা, পেশীৰ বিষ, শুকান কাহ, বমি হোৱাৰ দৰে লক্ষণে দেখা দিব পাৰে। এই ৰোগ অধিক গুৰুত্বৰ হ’লে ইয়াৰ ফলত নিউমোনিয়া আৰু অনান্য শ্বাস-প্ৰশ্বাসজনিত সমস্যাও হব পাৰে।

উল্লেখ্য যে,স্বাস্থ্য বিশেষজ্ঞৰ মতে Chlamydia psittaci infection প্ৰধানকৈ চৰাইৰ দেহত পোৱা যায়। আক্ৰান্ত চৰাই বা ইহঁতৰ মল, পাখি বা শ্বাস-প্ৰশ্বাসৰ নিঃসৰণৰ প্ৰত্যক্ষ সংস্পৰ্শৰ জৰিয়তে ই মানুহৰ দেহলৈ বিয়পিব পাৰে। যদি আপোনাৰ Parrot Fever হোৱাৰ লক্ষণে দেখা দিয়ে তেন্তে শীঘ্ৰে চিকিৎসকৰ কাষ চাপিব লাগে

Parrot Fever ৰ পৰা হাত সাৰিবলৈ তলত দিয়া কৰণীয়সমূহ পালন কৰক–

চৰাই থকা ঠাইডোখৰ পৰিষ্কাৰ কৰি ৰাখক।
চৰাই পালিলে মুখখন স্পৰ্শ কৰাৰ পৰা বিৰত থাকক।
চৰাইৰ পিঞ্জৰা চাফা কৰাৰ সময়ত হাতমোজা আৰু মাস্ক পৰিধান কৰক।
যদিহে আপুনি চৰাইৰ সংস্পৰ্শত কাম কৰে তেন্তে Parrot Fever ৰ লক্ষণ সমূহৰ প্ৰতি সজাগ হৈ থাকক।

You might also like
Leave A Reply

Your email address will not be published.