দেৰগাঁৱৰ সু -সন্তান বিশিষ্ট সাহিত্যিক অৰুণ গোস্বামী আৰু নাই

প্ৰখ্যাত ঔপন্যাসিক তথা নিবন্ধকাৰ অৰুণ গোস্বামীৰ শেষ নিশ্বাস ত্যাগ

প্ৰখ্যাত ঔপন্যাসিক তথা নিবন্ধকাৰ অৰুণ গোস্বামীৰ শেষ নিশ্বাস ত্যাগ। দীৰ্ঘদিনীয়া অসুস্থতাৰ কাৰণে যোৱা কেইদিনমানৰ পৰা যোৰহাটৰ মিছন হাস্পতালৰ ICUত ভৰ্তি হৈ আছিল প্ৰয়াত গোস্বামীদেৱে। চিকিৎসাধীন অৱস্থাতে মঙলবাৰে নিশা প্ৰায় ৯.৪৫ বজাত শেষ নিশ্বাস ত্যাগ বিশিষ্ট সাহিত্যিকগৰাকী।মৃত্যু সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ।

প্ৰখ্যাত ঔপন্যাসিক সহ চুটিগল্প লেখক অৰুণ গোস্বামী দেৰগাঁৱত জন্মগ্ৰহণ কৰিছিল।ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ বুদ্ধিজীৱী অৰুণ গোস্বামী কেইবাখনো উপন্যাস আৰু আকৰ্ষণীয় চুটিগল্পৰ বাবে পৰিচিত আছিল।গোস্বামী আছিল একাকাৰে সাহিত্যিক, ঔপন্যাসিক, নিবন্ধকাৰ আৰু গল্পকাৰ। তেওঁৰ ৰচনাত সামাজিক দায়বদ্ধতাৰ ভাৱ প্ৰতিফলিত হৈছিল।অসমৰ বিদ্ৰোহৰ বিষয়টোক লৈ তেওঁ ধাৰাবাহিকভাৱে লিখিছিল।গোস্বামীদেৱ বিশেষকৈ পোনপটীয়া কথাৰ বাবে পৰিচিত আছিল।তেওঁৰ বহু গ্ৰন্থৰাজীৰ ভিতৰত ‘কালক্ষণ’ আৰু ‘চলন্ত বিৱৰণী’ তেওঁৰ দুখন অতিশয় প্ৰশংসিত সৃষ্টি হিচাপে জনপ্ৰিয়তা লাভ কৰিছিল। অৰুণ গোস্বামীৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ উপন্যাস আছিল ‘পটভূমি’।গোস্বামী কেৱল এজন সাহিত্যিক নাছিল; ৰাজনৈতিক বিশ্লেষক হিচাপেও তেওঁ সুনামধন্য পদবী লাভ কৰিছিল।

গোস্বামীৰ মৃত্যুত অসমীয়া সাহিত্যৰ জগতত এক অপূৰণীয় ক্ষতি।দেৰগাঁও ৮নং ৱাৰ্ড নিবাসী গোস্বামীয়ে মৃত্যুৰ সময়ত সাহিত্যিক প্ৰণতি গোস্বামী, দুগৰাকী জীয়ৰী সহ আত্মীয় কুটুম্বক এৰি থৈ গৈছে।

You might also like
Leave A Reply

Your email address will not be published.