পাকিস্তানত মছজিদৰ ভিতৰৰ আত্মঘাতী বোমাৰুৰ আক্ৰমণ!

ইণ্টাৰনেচনেল ডেস্ক:

পাকিস্তানৰ পেছাৱাৰত মছজিদৰ ভিতৰৰ আত্মঘাতী বোমাৰুৰ আক্ৰমণ। সোমবাৰে বিয়লিৰ নামাজৰ সময়ত পেছাৱাৰৰ পুলিচ লাইনছ অঞ্চলত অৱস্থিত মছজিদত সংঘটিত হয় এই ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণত ১৭ জন লোক নিহত হোৱাৰ বিপৰীতে আহত হয় ৮০ জন লোক। আত্মঘাতী বোমাৰুটো নামাজৰ সময়ত সন্মুখৰ শাৰীত উপস্থিত আছিল।আহতসকলক পেছাৱাৰৰ লেডী ৰিডিং হাস্পতাল(এল আৰ চি)লৈ স্থানান্তৰ কৰা হৈছে। ঘটনা সংঘটিত হোৱা অঞ্চলটোত এম্বুলেঞ্চৰ বাহিৰে আন বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.