আজি ৩১ জানুৱাৰী

▶️আজি নাওৰুৰ স্বাধীনতা দিৱস।
▶️আজি মেদাম-মে-ফি।
▶️১৯০১ চনৰ আজিৰ দিনটোতেই ধ্বনিকবি বিনন্দ চন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল।
▶️১৯০৯ চনৰ আজিৰ দিনটোতেই বৰ্তমানৰ বাংলাদেশৰ ঢাকাত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল।
▶️১৯৬৩ চনৰ আজিৰ দিনটোতেই ম’ৰা চৰাইক ভাৰতৰ ৰাষ্ট্ৰীয় পখীৰূপে ঘোষণা কৰা হৈছিল।
▶️১৯৬৮ চনৰ আজিৰ দিনটোতেই ৰাষ্ট্ৰসংঘৰ ন্যাসৰক্ষী পৰিষদৰ তত্বাৱধানত প্ৰশান্ত মহাসাগৰৰ দ্বীপৰাষ্ট্ৰ নাওৰুৰ স্বাধীনতা লাভ।
▶️১৯৭২ চনৰ আজিৰ দিনটোতেই শৰৎ চন্দ্ৰ সিংহ অসমৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল। ১৯৭৮ চনৰ ১২ মাৰ্চ পৰ্যন্ত তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৮৫ চনৰ আজিৰ দিনটোতেই সংসদত দলত্যাগ বিৰোধী বিধেয়ক গৃহীত হৈছিল।
▶️১৯৯২ চনৰ আজিৰ দিনটোতেই শিৱসাগৰত আহোম যুগৰ সম্পদ সংৰক্ষিত তাই যাদুঘৰ মুকলি কৰা হৈছিল।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই অসমৰ বিশিষ্ট নাট্যকাৰ, অভিনেতা হেম ভট্টাচাৰ্যৰ মৃত্যু হৈছিল।
▶️২০০৭ চনৰ আজিৰ দিনটোতেই মাৰ্কিন লেখক ছিডনী ছেলডনৰ ৮৯ বছৰ বয়সত মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.