আজি আন্তঃৰাষ্ট্ৰীয় এমেচাৰ ৰেডিঅ’ দিৱস

ন্তঃৰাষ্ট্ৰীয় এমেচাৰ ৰেডিঅ’ দিৱসৰ তাৎপৰ্য বিষয়ে জানো আহক-

আজি ১৮ এপ্ৰিল, অসম, তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ বিশ্বৰ প্ৰায় ৩ মিলিয়নৰো অধিক এমেচাৰ ৰেডিঅ’ অপাৰেটৰসকলে আন্তঃৰাষ্ট্ৰীয় এমেচাৰ ৰেডিঅ’ দিৱস বা World Amateur Radio Day উদযাপন কৰিছে৷ যেতিয়া এমেচাৰ ৰেডিঅ’ অপাৰেটৰসকলে short wave spectrum আৱিস্কাৰ কৰি দূৰ-দূৰণী ঠাইলৈ বিশ্বব্যাপি যোগাযোগৰ সংযোগ আৰু সম্প্ৰসাৰণ কৰিবলৈ সমৰ্থন হৈছিল, তেতিয়া ১৯২৫ চনৰ আজিৰ এই দিনটোতে পেৰিছত আন্তৰ্জাতিক অপেশাদাৰী অনাতাঁৰ সংঘ অৰ্থাৎ International Amateur Radio Union গঠন কৰা হৈছিল৷
প্ৰতি বছৰে এমেচাৰ ৰেডিঅ’ অপাৰেটৰসকলে সংঘবদ্ধ হৈ উক্ত দিৱসৰ লগত সংগতি ৰাখি একোটাকৈ বিষয়বস্তুৰ ওপৰত বিশ্বব্যাপি আলোচনা কৰা হয়৷ এই বছৰৰ বিষয়টো হ’ল- “A Century of Connections: Celebrating 100 years of Amateur Radio Innovation, Community, and Advocacy”৷ অৰ্থাৎ “সংযোগৰ এটা শতিকা: এমেচাৰ ৰেডিঅ’ৰ ১০০ বছৰীয়া উদযাপন আৰু ইয়াৰ উদ্ভাৱন, সম্প্ৰদায়, আৰু পোষকতা”ৰ ওপৰত আলোচনা কৰাৰ লগতে বিশ্ববাসীক ইয়াৰ সুবিধাসমুহ অৱগত কৰাৰ বাবে এই দিৱস ধাৰ্য কৰা হৈছে।
আই.এ.আৰ.ইউ (IARU)ৰ প্ৰতিষ্ঠা দিৱসৰৰ দিনৰ পৰাই ফ্ৰিকুৱেঞ্চিৰ আবণ্টন ৰক্ষা কৰাৰ লগতে সম্প্ৰসাৰণৰ বাবে অক্লান্তভাৱে কাম কৰাৰ লগতে এমেচাৰ ৰেডিঅ’ যোগাযোগৰ বাবে সজাগতাৰ বিষয়েও বিশ্বজুৰি প্ৰচাৰ চলাই আহিছে। ৰেডিঅ’ এমেচাৰসকলে এতিয়া সমগ্ৰ ৰেডিঅ’ বৰ্ণালী (Radio Spectrum)ত কৌশলগতভাৱে অৱস্থিত ফ্ৰিকুৱেঞ্চি বেণ্ডত পৰীক্ষা-নিৰীক্ষা আৰু যোগাযোগ কৰিবলৈ সক্ষম হৈছে। ১৯২৫ চনত আই.এ.আৰ.ইউ. গঠন কৰা ২৫খন দেশৰ পৰা বৰ্তমানলৈকে আই.এ.আৰ. ইউ বৃদ্ধি পাই ১৬০খনতকৈও অধিক সদস্য ৰাষ্ট্ৰ সমাজ অন্তৰ্ভুক্ত হৈছে। আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘ(ITU)ই আই.এ.আৰ.ইউক এমেচাৰ ৰেডিঅ’ৰ স্বাৰ্থক প্ৰতিনিধিত্ব কৰা বুলি স্বীকৃতি দিছে। আজি এমেচাৰ ৰেডিঅ’ পূৰ্বতকৈ অধিক জনপ্ৰিয় হৈছে আৰু ৩,০০০,০০০তকৈ অধিক অনুজ্ঞাপত্ৰপ্ৰাপ্ত হেম ৰেডিঅ’ অপাৰেটৰ বিশ্বব্যাপি সক্ৰিয় হৈ আছে।
আজি আটাইতকৈ ৰোমাঞ্চকৰ কথাটো হ’ল এমেচাৰ ৰেডিঅ’ৰ কাৰ্য্যকলাপৰ বিকাশ, সম্প্ৰসাৰণ আৰু ব্যৱহাৰিক উপযোগিতা। SDR প্ৰযুক্তিয়ে যেনেকৈ HFক ৰূপান্তৰিত কৰিছে, কম্পিউটাৰ প্ৰযুক্তিয়েও CW, Datamodes আৰু DX-ing, আৰু আধুনিক যোগাযোগ প্ৰযুক্তি আৰু ইয়াৰ সমান্তৰাল আন্তঃগাঁথনিয়ে বিশ্বত চূড়ান্ত পৰিৱৰ্তন প্ৰদান কৰিছে – প্ৰসাৰণৰ এক বিকল্প উপায় উদ্ভাৱন কৰিছে। গতিকে, আমি RF spectrum ৰ সৈতে আনন্দ উপভোগ কৰাৰ লগতে ইয়াৰ সকলো ৰূপান্তৰৰ লগত আমি আগবাঢ়ি যোৱা উচিত আৰু ইণ্টাৰনেট ব্যৱহাৰ কৰা সেই নেটৱৰ্ক ৰেডিঅ’সমূহৰ সৈতে আজৰি সময় অতিবাহিত কৰাৰ লগতে বিশ্বজুৰি HAM বন্ধুত্ব গঢ়ি তোলাত সকলোৱে সহযোগ কৰা উচিত।
ইয়াৰ উপৰিও উপযুক্ত “চফট্ ৱেৰ” ব্যৱহাৰ কৰি ইজনে সিজনৰ লগত যোগাযোগ কৰিব লাগিব, QRP CW ব্যৱহাৰ কৰিব লাগিব, চেমিকনদাক্তৰ ৰেডিঅ’-ভালভ ৰেডিঅ’ ব্যৱহাৰ কৰিব লাগিব, নূন্যতম এন্টেনা ব্যৱহাৰ কৰাৰ লগতে ডাঙৰ এন্টেনা ব্যৱহাৰ কৰিব লাগিব, ইণ্টাৰনেট সংযুক্ত ন’ড ব্যৱহাৰ কৰিব লাগিব, বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগিব, উপগ্ৰহৰ জৰিয়তে কাম কৰিব লাগিব, D-STAR ব্যৱহাৰ কৰি ইয়াৰ উপকাৰিতা আহৰণ কৰাৰ লগতে হেম বেণ্ড, চেলুলাৰ বেণ্ড, ৱাই-ফাই বেণ্ড আৰু ব্লুটুথ বেণ্ডৰ সৈতেও যোগাযোগ ৰক্ষা কৰাৰ সুবিধাসমুহ হেম ৰেডিঅ’ অপাৰেটৰসকলে ব্যৱহাৰ কৰি আনন্দ উপভোগ কৰিবলৈ সুবিধা পাই আহিছে।
প্ৰাকৃতিক দুৰ্যোগৰ সময়ত হেম ৰেডিঅ’ অপাৰেটৰসকলে নিশ্চিত কৰে যে প্ৰচলিত যোগাযোগৰ ব্যৱস্থাসমূহ বিঘ্নিত হ’লেও আক্ৰান্ত অঞ্চলসমূহৰ সৈতে যোগাযোগ চেনেল মুকলি কৰি ২৪ ঘন্টাই যোগাযোগ ৰক্ষা কৰি আহিছে, যিহেতু কোনো বাহিৰৰ সমৰ্থনৰ প্ৰয়োজন নোহোৱাকৈ ৰেডিঅ’ সংকেত প্ৰসাৰণৰ সুবিধা গ্ৰহণ কৰিব পাৰে। যিহেতু ৰেডিঅ’ অপাৰেটৰ সকলে ইলেক্ট্ৰনিক্স বিজ্ঞানৰ গভীৰতালৈ গৈ বিভিন্ন যোগাযোগ সঁজুলি আৰু ব্যৱস্থাৰ সৈতে পৰীক্ষা-নিৰীক্ষা চলাব পাৰে (Learning by Doing) আৰু একে সময়তে বিভিন্ন যোগাযোগ মাধ্যমৰ জৰিয়তে বিশ্বজুৰি সাধাৰণতে জনসাধাৰণক সেৱা আগবঢ়াই জৰুৰীকালীন চিকিৎসা, যাতায়ত, জৰুৰীকালীন যোগাযোগ স্থাপন আৰু সংস্থাপনৰ ক্ষেত্ৰটো বিশেষ ভূমিকা পালন কৰি আহিছে ।

You might also like
Leave A Reply

Your email address will not be published.