১৮ এপ্ৰিল

জিম্বাবৱেৰ স্বাধীনতা দিৱস

বিশ্ব ঐতিহ্য দিৱস

১৬১২ মোগল সম্রাট জাহাংগীৰৰ পত্নী নুৰজাহানৰ ভতিজী আর্জুমণ্ড ভানু বেগমৰ (পিছলৈ মমতাজ মহল) লগত শাহজাহানৰ বিবাহ।

১৮৫৯ চিপাহী বিদ্ৰোহৰ নেতা তান্তিয়া টোপীৰ (সম্পূর্ণ নাম ৰামচন্দ্ৰ ৰঘুনাথ টোপী) ফাঁচি।

১৮৯৮ দুজন ইংৰাজ বিষয়া চাৰ্লছ ৰেণ্ড আৰু আৱাৰেষ্টক গুলীয়াই হত্যা কৰাৰ অভিযোগত ভাৰতীয় বিপ্লৱী দামোদৰ হৰি চাপেকাৰক ফাঁচি।
১৯৫১ আচার্য বিনোৱা ভাৱেৰ ‘ভূ-দান আন্দোলন’ আৰম্ভ। ১৯৫৫ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ আমেৰিকাৰ নিউ জাৰ্ছিত মৃত্যু। আইনষ্টাইনৰ মৃত্যুৰ ৫০ বছৰ পিছত তেওঁৰ দ্বাৰা আৱিষ্কৃত আপেক্ষিকতাবাদৰ তত্ত্বৰ শতবর্ষ উৎসৱ পালন কৰা হয় সমগ্ৰ বিশ্বতে।

১৯৭১ ভাৰতৰ প্ৰথম জাম্বো জেট বিমান ব’য়িং-৭৪৭ সম্রাট অশোকৰ মুম্বাইত অৱতৰণ।

১৯৯১ ভাৰতৰ প্ৰথমখন পূৰ্ণ সাক্ষৰ ৰাজ্য ৰূপে কেৰালাক স্বীকৃতি।

২০০২ নৰৱেৰ অভিযাত্রী থৰ হেয়াৰডেলৰ মৃত্যু। কলগছৰ ভূৰেৰে চলোৱা কনটিকি অভিযানৰ বাবে সমগ্র বিশ্বতে বিখ্যাত হৈ পৰিছিল তেওঁ।

* সুদীর্ঘ ৩০ বছৰৰ মূৰত ইটালীৰ পৰা আফগানিস্তানৰ ৰজা জাহিৰ শ্বাহৰ নিজ দেশলৈ প্ৰত্যাৱৰ্তন। গুৱাহাটীত অশোক সেন আৰু হীৰেন গোহাঁইক ১৯৯৯ চনৰ কমল কুমাৰী বঁটা প্ৰদান।

২০০৩ অসমীয়া দৈনিক বাতৰিকাকত ‘নতুন দৈনিক’ৰ পুনৰ প্রকাশ। সম্পাদক ডঃ নগেন শইকীয়া।

You might also like
Leave A Reply

Your email address will not be published.