নেচনেল ডেস্ক:
বুধবাৰে পুৱাই প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ’ল হিমাচল প্ৰদেশৰ চাম্বা জিলা।ভূমিকম্পটো সংঘটিত হয় ৩.৫ ৰিখটাৰ স্কেলত। এই তথ্য সদৰি কৰে চিমলাৰ বতৰ বিজ্ঞান কেন্দ্ৰই। পুৱা ৫.৪০ বজাত সংঘটিত হোৱা ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল জনজাতীয় পাংগী উপত্যকা পৃষ্ঠৰ পৰা ৫ কিলোমিটাৰ গভীৰত। ভূমিকম্পৰ ফলত কোনো লোক হতাহত বা সম্পত্তিৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই। উল্লেখ্য যে চতুৰ্থ বাৰৰ বাবে চলিত মাহটোত জিলাখনত সংঘটিত হৈছে ভূমিকম্পৰ জোকাৰণি।।