বলীউডৰ প্ৰখ্যাত অভিনেত্ৰী তথা প্ৰাক্তন সাংসদ জয়াপ্ৰদাক কাৰাদণ্ড!

প্ৰবীণ অভিনেত্ৰী গৰাকীক ছমাহৰ কাৰাদণ্ড প্ৰদান কৰে চেন্নাইৰ এগম’ৰ আদালতে

নিউজ ডেস্ক:

লীউডৰ প্ৰখ্যাত অভিনেত্ৰী তথা প্ৰাক্তন সাংসদ জয়াপ্ৰদাক কাৰাদণ্ড । প্ৰবীণ অভিনেত্ৰী গৰাকীক ছমাহৰ কাৰাদণ্ড প্ৰদান কৰে চেন্নাইৰ এগম’ৰ আদালতে । লগতে ৫ হাজাৰ টকাৰ জৰিমনাও আৰোপ কৰে আদালতে। চেন্নাইৰ ৰায়াপেটাৰ জয়প্ৰদাৰ মালিকানাধীন এটা চিনেমা হলৰ কৰ্মচাৰীয়ে উত্থাপন কৰা গোচৰৰ ভিত্তিত আদালতৰ এই ৰায়দান।

অভিযোগ মতে, ৰাম কুমাৰ আৰু ৰাজা বাবুৱে প্ৰতিনিধিত্ব কৰা থিয়েটাৰ পৰিচালনা সমিতিয়ে কৰ্মচাৰী ৰাজ্যিক বীমা (ই এছ আই)ৰ বৰঙণি কৰ্মচাৰীলৈ প্ৰেৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবে কৰ্মচাৰীসকলে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয়। প্ৰবীণ অভিনেত্ৰী গৰাকীয়ে কৰ্মচাৰীসকলে পাবলগীয়া বাকী থকা ধনৰাশি আদায় দিয়াৰ আশ্বাস প্ৰদান কৰা স্বত্বেও আৰু গোচৰটো খাৰিজ কৰাৰ বাবে আবেদন জনোৱাৰ পিছতো তেওঁৰ আবেদন চৰকাৰী বীমা নিগমৰ অধিবক্তাই গোচৰটো আদালতত চলায় নিয়ে । ফলত এই গোচৰৰ সৈতে জড়িত আন তিনিজন লোকৰ সৈতে জয়াপ্ৰদাকো ৫ হাজাৰ টকা জৰিমনাসহ ছমাহৰ কাৰাদণ্ড বিহিছে আদালতে।।

You might also like
Leave A Reply

Your email address will not be published.