তামুলপুৰ মহকুমাৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত ৰঙিয়া ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ বাঁহবাৰীত আজি সন্ধিয়া প্ৰায় ৬.৩০ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ AS14 K 6489 নম্বৰৰ বাইক এখনৰ সৈতে AS14 C 0499 নম্বৰৰ যাত্ৰবাহী টেম্পো এখনৰ মুখামুখি সংঘৰ্ষত বাইক আৰোহীজন নিহত হয়৷নিহত লোকজন আঙাৰকাটাৰ নতুন বস্তিৰ সবিত্ৰ মণ্ডল (২৫) বুলি জানিব পৰা গৈছে৷ আনহাতে দুৰ্ঘটনাটোত টেম্পো আৰোহী ভাঙবাৰীৰ ৰীতা বৰ্মন(৫০) ৰঞ্জিত বৰ্মন( ২৬) আৰু বৰপেটা ৰোডৰ চিৰঞ্জিত আৰ্য্য( ২২)গুৰুতৰ ভাৱে আহত হয়। আহত সকলক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰা হৈছে। পাছত ঘটনাস্থলীত কুমাৰীকাটা আৰক্ষীৰ দল উপস্থিত হৈ দুৰ্ঘটনাত পতিত বাহন দুখন জব্দ কৰে।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.