বসন্ত পঞ্চমীত বসন্ত ঋতুৰ আৰম্ভণী হয়। প্ৰতি বছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা কৰা হয়।এই শুভ উৎসৱত জ্ঞান, প্ৰজ্ঞা, কলাৰ ঐশ্বৰিক মূৰ্তি দেৱী সৰস্বতীক উৎসৰ্গিত কৰা হয়।এই উৎসৱৰ বৈশিষ্ট হৈছে স্পন্দনশীল সজ্জা,হালধীয়া ৰং যিয়ে বসন্তৰ স্পন্দন আৰু শক্তিৰ প্ৰতিক।এই উদযাপনত বিশেষকৈ শিক্ষানুষ্ঠানসমুহত কেন্দ্ৰীয় ভূমিকা পালন কৰে কাৰণ ছাত্ৰ-ছাত্ৰী,শিক্ষক,পণ্ডিতসকলে একত্ৰিত হৈ নিজৰ শৈক্ষিক প্ৰচেষ্টাত সফলতাৰ বাবে সৰস্বতীৰ আৰ্শীবাদ বিচাৰে। শিক্ষানুষ্ঠানসমুহত প্ৰাৰ্থনা, গীত, মাত ,মন্ত্ৰ ধ্বনিৰে আনুৰিত হৈ দেৱীৰ ঐশ্বৰীক সান্নিধ্যৰ আহ্বান জনায়।
দুয়োখন হাতেৰে বীণাখন সাৱতি এখন হাতত পদুম ফুল আৰু আন এখন হাতত জ্ঞানৰ প্ৰতীকী পুখি এখন লৈ ৰাজহাহঁৰ ওপৰত বহি থকা সৰস্বতী দেৱী হিন্দু সমাজৰ আন আন দেৱ দেৱী সকলৰ ভিতৰতেই আটাইতকৈ
ধুনীয়া দেৱী বুলি অভিহিত কৰা হৈছে। হাতত বীণা লৈ থকা বাবেই বীণাপাণি তেওঁৰ অন্য এক নাম।প্ৰবাদ আছে , অতি ৰূপ আৰু গুনৰ বাবে তেওঁৰ ৰূপৰ মোহনীয়তাত মুগ্ধ হৈ স্বয়ং জীৱ স্ৰজোতা ব্ৰহ্মা দেৱেও নিজৰ ধ্যান ধাৰণা পাহৰি গৈছিল । সৰস্বতী দেৱীৰ স্বৰ্ণ মুকুটৰ পিছফালে সূৰ্যৰ দৰে ঘূৰণীয়া দীপ্তিময় বৃত্ত এটা থকা দেখা যায় । বহুত জ্ঞানী লোকে ইয়াকে ক’ব বিচাৰে , সেই ঘূৰণীয়া দীপ্তিময় বৃত্তটো সৰস্বতী দেৱীৰ ৰূপ আৰু জ্ঞানৰ বৰ্হিপ্ৰকাশ ।
দেৱীভাগৱত পুৰাণ মতে , দেৱী আদ্যাপ্ৰকৃতিৰ তৃতীয় অংশত দেৱী সৰস্বতীৰ জন্ম হয়। তেওঁ কৃষ্ণৰ জিহ্বাগ্ৰৰ পৰা উৎপন্ন হৈছিল।প্ৰাচীন কালৰে পৰা ভাৰতবৰ্ষত উপাসক দেৱ-দেৱী সকলৰ পূজা অৰ্চনা কৰি অহা হৈছে ।বিদ্যা অবিহনে জগত তমশাছন্ন । গতিকে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে আমাৰ হিন্দু সমাজে প্ৰতি বছৰে সৰস্বতী দেৱীৰ পূজা পালন কৰে।অতীজৰে পৰা ভাৰতবৰ্ষকে ধৰি অসমতো উলহ মালহেৰে সৰস্বতী পূজা উদযাপন কৰি অহা হৈছে ।নৰকাসুৰ আৰু ৰজা ভগদত্তৰ দিনত এই পূজাক “বাসন্তী উৎসৱ” নামেৰে পালন কৰা হৈছিল । কালক্ৰমত ই সৰস্বতী পূজালৈ ৰূপান্তৰিত হৈছে। সৰস্বতী পূজা মানেই এক মাংগলিক অনুষ্ঠান। এই পূজাৰ দেৱীৰ অধিষ্ঠিত কৰা গৃহটো ঘাইকৈ খেজুৰ গছৰ পাত আৰু ঝাঁওবনেৰে নিৰ্মাণ কৰা হয়