২০২৪ চনৰ ৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন

ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ নিৰ্দেশনা অনুসৰি অসম বিধানসভা সচিবালয়ে জাৰি কৰে এই অধিসূচনা

নিউজ ডেস্ক:

০২৪ চনৰ ৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন । ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ নিৰ্দেশনা অনুসৰি অসম বিধানসভা সচিবালয়ে জাৰি কৰে এই অধিসূচনা। খবৰ অনুসৰি ২০২৪ চনৰ ২৮ ফেব্ৰুৱাৰীলৈকে চলিব এই অধিৱেশন। প্ৰথা অনুসৰি, ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰীয়ে বাজেট দাখিল কৰিব।

এইবাৰৰ বাজেট অধিৱেশনৰ মূল আলোকপাত হ’ব অসম চৰকাৰৰ ২০২৩-২৪ চনৰ সেউজ বাজেট প্ৰৱৰ্তন, অসমক উত্তৰ-পূব ভাৰতৰ প্ৰথমখন ৰাজ্য আৰু দেশৰ ভিতৰতে এনে পন্থা গ্ৰহণ কৰা মাত্ৰ দ্বিতীয়খন ৰাজ্য হিচাপে স্থান দিয়া। পৰিৱেশ বহনক্ষমতা বৃদ্ধি আৰু ৰাজ্যৰ ভিতৰত জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰা ব্যৱস্থা ৰূপায়ণৰ বাবে ৰচনা কৰা হৈছে সেউজ বাজেট।।

You might also like
Leave A Reply

Your email address will not be published.