আজি ৯ জানুৱাৰী

🔹প্ৰবাসী ভাৰতীয় দিৱস
🔹১৬৬৩ মিৰজুমলাৰ অসম আক্ৰমণৰ পৰিণতিত হোৱা সন্ধিৰ চৰ্ত অনুসৰি আহোমৰাজকুঁৱৰী ৰমণী গাভৰুক মোগলৰ অন্দৰ মহললৈ প্ৰেৰণ; মিৰজুমলাৰ অসমৰ পৰা প্ৰত্য়াৱৰ্তনৰ ঘোষণা।
🔹১৯১৫ দক্ষিণ আফ্ৰিকাত আইন অমান্য় আন্দোলন কৰি মহাত্মা গান্ধীৰ মুম্বাইলৈ প্ৰত্য়াৱৰ্তন।
🔹আহমেদাবাদৰ সবৰমতী নদীৰ পাৰত মহাত্মা গান্ধীৰ সত্য়াগ্ৰহ আশ্ৰম প্ৰতিষ্ঠা। পাছলৈ ইয়েই সবৰমতী আশ্ৰমৰূপে প্ৰখ্য়াত হয়। এই বছৰতে গান্ধীজীয়ে কংগ্ৰেছত আনুষ্ঠানিক ভাৱে যোগদান কৰে।
🔹১৯২১ পাকিস্তানৰ ৰায়পুৰত বিজ্ঞানী হৰগোবিন্দ খোৰানাৰ জন্ম।
🔹১৯৫১ স্বাধীন ভাৰতৰ প্ৰথম লোকপিয়ল আৰম্ভ।
🔹১৯৭২,১৯৭১ চনত ৪৩৩ খন কাহিনী চিত্ৰ নিৰ্মাণেৰে ভাৰত বিশ্বৰ সৰ্বাধিক ছবি নিৰ্মাতা দেশৰূপে পৰিগণিত।
🔹১৯৮২ এছ জেড কাছিমৰ নেতৃত্বত যোৱা ২১ জনীয়া ভাৰতীয় অভিযাত্ৰী দলৰ প্ৰথমবাৰৰ বাবে এন্টাৰ্কটিকাত পদাৰ্পণ। দলটোৱে ইয়াতে ভাৰতীয় 🔹ত্ৰিৰংগ পতাকা পুতি ‘দক্ষিণ গংগোত্ৰী’ নামৰ এটা স্থায়ী কেন্দ্ৰও স্থাপন কৰে
🔹১৯৯৬ ভাৰতীয় চলচ্চিত্ৰাভিনেত্ৰী নাদিয়াৰ মৃত্য়ু।
🔹২০০২ নলিলীধৰ ভট্টাচাৰ্যলৈ ছগনলাল জৈন বঁটা ঘোষণা।
🔹ষষ্ঠদশ গুৱাহাটী গ্ৰন্থমেলাৰ সামৰণি।
🔹২০০৩ নতুন দিল্লীত এন এছ চি এন আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ঐতিহাসিক শান্তি আলোচনা আৰম্ভ।
🔹২০০৫ ‘কাঠগুলাব’ শীৰ্ষক গ্ৰন্থৰ বাবে মৃদুলা গাৰ্গলৈ সন্মানীয় ব্য়াস সন্মান।

You might also like
Leave A Reply

Your email address will not be published.