লেবাননত হিজবুল্লাহৰ ওপৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ!

লেবাননত ইজৰাইলৰ আক্ৰমণত নিহত হিজবুল্লাহৰ জ্যেষ্ঠ সেনাধ্যক্ষ

ইণ্টাৰনেচনেল ডেস্ক:

লেবাননত হিজবুল্লাহৰ ওপৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ। সোমবাৰে দক্ষিণ লেবাননত ইজৰাইলৰ আক্ৰমণত নিহত হিজবুল্লাহৰ এলিট ৰাডৱান বাহিনীৰ এজন জ্যেষ্ঠ সেনাধ্যক্ষ। সূত্ৰ মতে, মৃতলোকজন ৰাদৱান বাহিনীৰ এটা ইউনিটৰ উপ-মূৰব্বী উইছাম আল-তাৱিল বুলি চিনাক্ত কৰা হৈছে। খৱৰ মতে, লেবাননৰ মাজদাল চেলম গাঁৱত সংঘটিত হয় ঘটনাটো। উইছাম আল-তাৱিলসহ আন এজন যোদ্ধা গৈ থকা বাহনখনলৈ বোমাবৰ্ষণ কৰে ইজৰাইলে।

উল্লেখ্য যে, ৭ অক্টোবৰত ইজৰাইলৰ ভূখণ্ডত হামাছে আক্ৰমণ কৰাৰ পিছত সীমা অতিক্ৰম কৰি গোলাবৰ্ষণ আৰম্ভ হোৱাৰ পাছৰে পৰা দক্ষিণ লেবাননত ইজৰাইলৰ বোমাবৰ্ষণত নিহত হৈছে ১৩০ জনতকৈ অধিক যোদ্ধা। আনহাতে চিৰিয়াত নিহত হৈছে আন ১৯ জন যোদ্ধা।।

 

You might also like
Leave A Reply

Your email address will not be published.