ৰাজ্যত ভয়াৱহ বানঃ ৮ জন লোকৰ মৃত্যু

ৰাজ্যত ভয়াৱহ বানঃ ৮ জন লোকৰ মৃত্যু

গুৱাহাটী, ১ জুনঃ বৰ্তমান ৰাজ্যৰ ১৪খন জিলা আৰু ২৭ টা ৰাজহ চক্ৰ বানপানীৰ কবলত বানত প্ৰভাৱিত জিলা কেইখন হৈছে- ধেমাজি, দক্ষিণ ছালমাৰা, লখিমপুৰ, ডিব্ৰুগড়, গোলাঘাট, দৰং, নগাঁও, কাৰ্বি আংলং, কামৰূপ, বিশ্বনাথ, তিনিচুকীয়া, পশ্চিম কাৰ্বি আংলং, শিৱসাগৰ, হোজাই। তদুপৰি ৫ খন জিলা নগৰীয়া বানৰ কৱলত। বানত ২৭ টা ৰাজহ চক্ৰৰ ১৮২ খন গাওঁ বানত বুৰ গৈছে। বানত আক্ৰান্ত জনসংখ্যা হৈছে ৫৮ হাজাৰ ৯১ গৰাকী। বন্যাৰ্তৰ বাবে চৰকাৰে এতিয়ালৈ ৫ টা সাহাৰ্য শিবিৰ আৰু ১১ টা সাহাৰ্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে। শিবিৰত বন্দী হৈ আছে ১২২৪ গৰাকী লোক। যোৱা ২৪ ঘন্টাত বানপানীৰ ফলত ৩ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত গোলাঘাটত ২ জন আৰু লখিমপুৰত ১ জন লোকৰ মৃত্যু হৈছে। ফলত এতিয়ালৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮ জনলৈ বৃদ্ধি পালে। লখিমপুৰ আৰু ধেমাজিত মথাউৰি ছিঙি যোৱাৰ খবৰ আহিছে। ইফালে নগৰীয়া বানত আক্ৰান্ত জিলাকেইখন হৈছে- কামৰূপ, কামৰূপ মহানগৰ, ডিব্ৰুগড়, দৰং আৰু কাছাৰ। এই জিলাকেইখনৰ ৬ টা ৰাজহ চক্ৰৰ ২০ হাজাৰ ৯৮৮ গৰাকী লোক আক্ৰান্ত হৈছে। আনহাতে এতিয়ালৈকে ৪০ জন লোক ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ভূমিস্খলনত গুৱাহাটীত এতিয়ালৈকে ৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

You might also like
Leave A Reply

Your email address will not be published.