অসম ৰাইফলছৰ বৃহৎ পৰিমানৰ গোলা বাৰুদ উদ্ধাৰ!

নৰ্থ ইষ্ট ডেস্ক:

অসম ৰাইফলছৰ বৃহৎ সফলতা। আছাম ৰাইফলছ (পূব)ৰ তত্বাৱধানত ২৩ ছেক্টৰ আছাম ৰাইফলছৰ ছেৰচিপ বেটেলিয়নে বৃহস্পতিবাৰে এজন লোকৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ গোলা বাৰুদ । আছাম ৰাইফলছৰ ছেৰচিপ বেটেলিয়নৰ জোৱানে এক গোপন তথ্যৰ ভিত্তিত মিজোৰামৰ ভাকটকাইৰ ওচৰত চলোৱা এটা অভিযানত উদ্ধাৰ হয় এই বুজন পৰিমানৰ গোলা বাৰুদ । আছাম ৰাইফলছৰ দলটোৱে ভাকটকাইত এখন ভাড়াতীয়া বাহনক ৰখায় তালাচী অভিযান চলায়। তালাচী অভিযানৰ সময়ত লোকজনৰ এটা বেগৰ পৰা উদ্ধাৰ হয় চীনত নিৰ্মিত দুটা ৱাকি টকি, তিনিটা ছেফটি ফিউজ, ৯টা ডিটনেটৰ আৰু মুঠ ২.১২৫ কিলোগ্ৰাম ওজনৰ ১৭টা জেলেটিন ষ্টিক। আটকধীন লোকজন চম্পাই জিলাৰ জোখাথাৰৰ ৩০ বছৰীয়া ভানলালচুংগা বুলি জানিব পৰা গৈছে ।

ইফালে, জব্দকৃত সামগ্ৰীসহ আটকাধীন অভিযুক্তক অধিক তদন্ত আৰু আইনী কাৰ্য্যবিধিৰ বাবে চম্পাই থানাত গতাই দিয়া হৈছে ।।

You might also like
Leave A Reply

Your email address will not be published.