অহা ২০ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন!

১১ আগষ্টলৈকে চলিব এই অধিৱেশন

নেচনেল ডেস্ক:

হা ২০ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন। ১১ আগষ্টলৈকে চলিব এই অধিৱেশন। শনিবাৰে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে সদৰি কৰে এই কথা। কেন্দ্ৰীয় চৰকাৰে বিতৰ্কিত দিল্লী সেৱা অধ্যাদেশখনক আইন হিচাপে গৃহিত কৰাৰ চেষ্টা কৰিব এই অধিৱেশনত।

আগন্তুক বৰ্ষাকালীন অধিৱেশনখনে ৰাজনৈতিকভাৱে বিশেষ তাৎপৰ্যপূৰ্ণ বহন কৰাৰ সম্ভাৱনা আছে, কিয়নো ভাৰতৰ ফেডাৰেল গাঁথনিৰ ওপৰত কথিত “আক্ৰমণ”ক লৈ মোডী চৰকাৰৰ বিৰুদ্ধে মাৰ বান্ধি উঠিছে বিৰোধী। ইতিমধ্যে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লী চৰকাৰে বিতৰ্কিত দিল্লী সেৱা অধ্যাদেশক লৈ উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে। অবশ্যে অধিবেশনৰ সময়ত সংসদত তালিকাভূক্ত বিষয়সমূহ এতিয়াও স্পষ্ট হোৱা নাই। কেন্দ্ৰীয় চৰকাৰে আইনখন প্ৰৱৰ্তন কৰিবলৈ আগবাঢ়িলে সংসদত চৰকাৰ আৰু বিৰোধীৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সম্ভাৱনা আছে। এতিয়ালৈকে কংগ্ৰেছৰ বাহিৰে প্ৰায়বোৰ বিৰোধী দলে উচ্চ সদনত বিধেয়কখন গৃহীত কৰাৰ বিৰোধিতা কৰাৰ উদ্দেশ্য আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.