আজি গৰু বিহু, গো-ধনক নোৱাই-ধুৱাই শ্ৰীবৃদ্ধি কামনা ৰাজ্যবাসীৰ

আজিৰে পৰা আৰম্ভ অসমীয়াৰ অতিকৈ হেঁপাহৰ, বাপতিসাহোন ৰঙালী বিহু

জিৰে পৰা আৰম্ভ অসমীয়াৰ অতিকৈ হেঁপাহৰ, বাপতিসাহোন ৰঙালী বিহু ।
আজি গৰু বিহু। চ’ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহুটি ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে পালন কৰা হৈছে। গাওঁৰ কৃষক সকলে সাতমপুৰুষীয়া ৰীতি নীতি মানি পালন কৰিছে সকলোৰে আদৰৰ গৰু বিহু । কৃষকসকলে পুৱাতেই গো-ধনৰ খুৰা আৰু শিঙত মিঠাতেল দি মাহ-হালধীৰে ওচৰৰ নৈ ,বিল পুখুৰী বা পথাৰত নোৱাই-ধুৱাই । গৰুৰ গা-ধুৱাবলৈ নিওঁতে দীঘলতি-মাখিয়তী পাতেৰে খেদায় নিলে গৰুৰ স্বাস্থ্য ভালে থাকে লগতে গৰুৰ গাত ঘাঁ নহয় বুলি বিশ্বাস কৰে। গা ধুৱাবলৈ লৈ যাওতেই লাওঁ বেঙেনা,হালধী গৰুৰ গালৈ মাৰি প্ৰতিজন অসমীয়া কৃষিজীৱী লোকে গায় –
“লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা ,
মাৰ সৰু বাপেৰ সৰু ,তই হবি বৰ গৰু”

গৰু বিহু উদযাপনৰ দিনা সন্ধিয়া গোহালিৰ গৰু কেইটাক নতুন পঘাৰে বন্ধা হয়। লোক বিশ্বাস অনুসৰি, গৰুক বন্ধা নতুন পঘাত মাহ, হালধি, তেল সানি দিলে গৰুৰ বহু ৰোগ প্ৰতিৰোধ হয়। গৃহস্থই খেৰ, বিহলঙনী আদিৰে জুই জ্বলাই গৰুৰ আগত তাৰ ধোঁৱা বিচনীৰে বিচি দিয়াৰ পৰম্পৰাও আছে। অসমবাসীৰ মাজত ইয়াক ‘জাক দিয়া’ বুলি কোৱা হয়।

ইফালে দেওবাৰে ৰাজ্যত পালন কৰা হ’ব মানুহ বিহু। বিহুক লৈ চাৰিওফালে উৎসাহ উদ্দীপনা দেখা গৈছে। অসমীয়াৰ বাপতি সাহোন বিহুটিলৈ এতিয়া সকলোৰে মনত উছাহ উদ্দীপনা।

You might also like
Leave A Reply

Your email address will not be published.