আজি ১০ জুন

▶️আজি পৰ্তুগালৰ জাতীয় দিৱস।
▶️১৮৩৬ চনৰ আজিৰ দিনটোতেই ফৰাচী পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ আন্দ্ৰে মেৰী এম্পিয়েৰৰ মৃত্যু হৈছিল।
▶️১৯৪৯ চনৰ আজিৰ দিনটোতেই নৰৱেৰ নোবেল জয়ী মহিলা ঔপন্যাসিক ছিগ্ৰিড উণ্ডছেটৰ জন্ম হৈছিল। ১৯২৮ চনত তেঁও সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৫৬ চনৰ আজিৰ দিনটোতেই ষ্টকহোমত ষষ্ঠদশ অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল।
▶️১৯৬৬ চনৰ এই দিনটোতেই নাছিকত ‘মিগ’ যুঁজাৰু বিমানৰ উৎপাদন আৰম্ভ হৈছিল।
▶️১৯৭২ চনৰ এই দিনটোতেই মুম্বাইৰ পৰা ভাৰতৰ প্ৰথম শীত-তাপ নিয়ন্ত্ৰিত বিলাসবহুল যাত্ৰীবাহী জাহাজ ‘হৰ্ষবৰ্দ্ধন’ৰ যাত্ৰা আৰম্ভ।
▶️১৯৮৩ চনৰ এই দিনটোতেই ব্ৰিটিছ সংসদৰ নিৰ্বাচনত ৰক্ষণশীল দলৰ নেত্ৰী মাৰ্গাৰেট থেচাৰৰ পুনৰ ক্ষমতা দখল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই কোছোভো শান্তি চুক্তি স্বাক্ষৰিত হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ভাৰত আৰু পাকিস্তানৰ ওপৰত থকা অৰ্থনৈতিক নিষেধাজ্ঞাৰ পাঁচ বছৰৰ বাবে প্ৰত্যাহাৰৰ পক্ষে মাৰ্কিন ছিনেটৰ ভোটদান।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই শাৰদ পাৱাৰ নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ সভাপতি নিৰ্বাচিত।
▶️২০০২ চনৰ আজিৰ দিনটোতেই ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে এন ডি এৰ ডঃ এ পি জে আব্দুল কালামৰ নাম প্ৰস্তাৱ।।

You might also like
Leave A Reply

Your email address will not be published.