আজি ১১ ফেব্ৰুৱাৰী

▶️আজি ইৰাণৰ ইছলামিক বিপ্লৱ বিজয়ী দিৱস।
▶️আজি মিতভাষ দিৱস।
▶️১৮৪৭ চনৰ এই দিনটোতেই মাৰ্কিন বিজ্ঞানী তথা আৱিষ্কাৰক টমাছ আলভা এডিছনৰ জন্ম হৈছিল।
▶️১৯২৯ চনৰ আজিৰ দিনটোতেই পৃথিৱীৰ ক্ষুদ্ৰতম সাৰ্বভৌম ৰাষ্ট্ৰ ভেটিকান চিটি গঠন।
▶️১৯৩৯ চনৰ আজিৰ দিনটোতেই সাহিত্যিক নগেন শইকীয়াৰ জন্ম হৈছিল।
▶️১৯৪২ চনৰ এই দিনটোতেই স্বাধীনতা সংগ্ৰামী তথা বাজাজ গ্ৰুপ অব ইণ্ডাষ্ট্ৰিজৰ অন্যতম প্ৰতিষ্ঠাপক যমনালাল বাজাজৰ মৃত্যু হৈছিল।
▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই অসমৰ প্ৰথম মুখ্যমন্ত্ৰী(তেতিয়াৰ প্ৰধানমন্ত্ৰী) ৰূপে গোপীনাথ বৰদলৈৰ কাৰ্যভাৰ গ্ৰহণ। তেওঁ ১৯৫০ চনৰ ৬ আগষ্ট পৰ্যন্ত এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৭৫ চনৰ এই দিনটোতেই ইংলেণ্ডৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত হৈছিল মাৰ্গাৰেট থেচ্চাৰ।
▶️১৯৭৭ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ মৃত্যু হৈছিল।
▶️১৯৯০ চনৰ এই দিনটোতেই বিশ্বৰ বিভিন্ন দেশ আৰু সংগঠনৰ প্ৰবল হেঁচাত সূদীৰ্ঘ ২৭ বছৰ কাৰাবাসৰ অন্তত নেলচন মেণ্ডেলাই মুক্তি লাভ কৰিছিল।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই নিষিদ্ধ মাদকদ্ৰব্য ব্যৱহাৰৰ বাবে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ শ্বেন ৱাৰ্নক বিশ্বকাপৰ পৰা বহিস্কাৰ কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.