আই এছ ডি আৰু এনআইএৰ বৃহৎ সফল যৌথ অভিযান!

আই এছ ডি আৰু এনআইএৰ বৃহৎ সফল যৌথ অভিযান!

নেচনেল ডেস্ক:

ভ্যন্তৰীণ নিৰাপত্তা বিভাগ (আই এছ ডি) আৰু ৰাষ্ট্ৰীয় তদন্ত সংস্থা (এন আই এ)ৰ বৃহৎ সফল যৌথ অভিযান।শনিবাৰে পুৱা বেংগালুৰুৰ থানিছান্দ্ৰ সীমান্তৰ মঞ্জুনাথা নগৰৰ পৰা নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ সৈতে সম্পৰ্ক থকা এটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক আটক। ধৃত আৰিফ বিগত দুবছৰ ধৰি আল কায়দা সন্ত্ৰাসবাদী সংগঠনৰ সংস্পৰ্শত আছিল বুলি নিৰাপত্তা সংস্থাৰ সন্দেহ।অভিযুক্ত বেংগালুৰুৰ এটা চফটৱেৰ কোম্পানীৰ কৰ্মচাৰী আৰু বৰ্তমান ঘৰৰ পৰাই কাম কৰি আছিল।

আল কায়দাৰ সৈতে জড়িত অন্যান্য গোটসমূহতো সক্ৰিয় থকাৰ সন্দেহ অভিযুক্তৰ বিৰুদ্ধে । নিয়াই ৰাজ্যিক আভ্যন্তৰীণ নিৰাপত্তা বিভাগৰ সৈতে যৌথ অভিযান চলাই মাৰ্চ মাহত ইৰাকৰ মাজেৰে ছিৰিয়ালৈ যাবলৈ যোজা চলাই থকা অৱস্থাতে আটক কৰে অভিযুক্ত আৰিফক।।

You might also like
Leave A Reply

Your email address will not be published.