আজি ১২ জুন

▶️আজি ফিলিপাইনছৰ স্বাধীনতা দিৱস।
▶️আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস।
▶️আজি ৰাছিয়াৰ স্বাধীনতা দিৱস।
▶️১৮৯৭ চনৰ আজিৰ দিনটোতেই অসমত প্ৰৱল ভূমিকম্পত প্ৰায় ১৫০০ লোকৰ মৃত্যু।কেইবাখনো নদী বাম হৈ পৰাৰ লগতে বহুকেইখন নদীৰ গতিপথ সলনি।এনে নদীৰ গতিপথ সলনিৰ ফলতেই গুৱাহাটীৰ পৰা ৪০ কিলোমিটাৰ দক্ষিণ-পশ্চিমত সৃষ্টি হয় চানডুবি জলাশয়।
▶️১৮৯৮ চনৰ এই দিনটোতেই ফিলিপাইনছৰ স্বাধীনতা সংগ্ৰামী সকলৰ ফিলিপাইনছক স্বাধীন ৰাষ্ট্ৰ ঘোষণা।অৱশ্যে ইয়াৰ বহুবছৰ পিছত ১৯৪৬ চনতহে দেশখনে স্বাধীনতা লাভ কৰে যদিও ১২ জুনৰ দিনটোহে ফিলিপাইনছৰ স্বাধীনতা দিৱস ৰূপে পালন কৰা হয়।
▶️১৯২৯ চনৰ আজিৰ দিনটোতেই ‘দি ডায়েৰী অব এ ইয়ং গাৰ্ল’ৰ লেখিকা এন ফ্ৰাংকৰ জন্ম হৈছিল।
▶️১৯৬৯ চনৰ এই দিনটোতেই কবি-সাহিত্যিক পদ্মধৰ চলিহাৰ মৃত্যু হৈছিল।
▶️১৯৭২ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ জীৱনীকাৰ ডি জি তেণ্ডুলকাৰৰ মৃত্যু।তেওঁ আঠটা খণ্ডত মহাত্মা গান্ধীৰ এখন বিস্তৃত জীৱনী ৰচনা কৰিছিল।
▶️১৯৭৫ চনৰ আজিৰ দিনটোতেই নিৰ্বাচনত অসাধু পন্থা অৱলম্বনৰ অভিযোগত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ইন্দিৰা গান্ধীৰ ১৯৭১ চনৰ নিৰ্বাচনক অবৈধ ঘোষণা।
▶️১৯৯১ চনৰ এই দিনটোতেই ছোভিয়েট যুক্তৰাষ্ট্ৰ ভংগ হৈ স্বতন্ত্ৰ ৰাষ্ট্ৰ ৰূপে ৰাছিয়াৰ আত্মপ্ৰকাশ।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই পৰ্তুগালত ‘ইউৰো-২০০৪’ ফুটবল প্ৰতিযোগিতা আৰম্ভ।।

You might also like
Leave A Reply

Your email address will not be published.