১৭৮৪ চনৰ এই দিনটোতেই ইংৰাজ ভাষাতত্ববিদ, কবি-সমালোচক ছেমুৱেল জনছনৰ মৃত্যু হৈছিল।
১৯২৫ চনৰ আজিৰ দিনটোতেই সাহিত্যিক সত্যনাথ বৰাৰ মৃত্যু হৈছিল।
২০০১ চনৰ এই দিনটোতেই ভাৰতীয় সংসদত সন্ত্ৰাসবাদীৰ আক্ৰমণ। সাতজন নিৰাপত্তাৰক্ষীৰ লগতে পাঁচ সন্ত্ৰাসবাদী আৰু এজন বাগিচা কৰ্মী নিহত হোৱাৰ বিপৰীতে আহত হৈছিল ২৬ লোক।
২০০৩ চনৰ আজিৰ দিনটোতেই যশ চোপ্ৰালৈ আগবঢ়োৱা হৈছিল দাদা চাহেব ফাল্কে বঁটা।
১৯৯২ চনৰ এই দিনটোতেই ইণ্ডোনেছিয়াত সংঘটিত এক ভূমিকম্পত ২,৫০০ লোকৰ মৃত্যু হৈছিল।
২০০০ চনৰ এই দিনটোতেই জৰ্জ ডব্লিউ বুশ্ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হৈছিল।
১৯৬২ চনৰ এই দিনটোতেই বিশ্বৰ প্ৰথমটো ‘ৰিলে’ উপগ্ৰহ উৎক্ষেপণ। উপগ্ৰহটোৱে টেলিভিছন, টেলিফোন, টেলিপ্ৰিন্টাৰ, ফেক্স আৰু অন্যান্য সংকেত আমেৰিকা,ইউৰোপ আৰু ব্ৰাজিলৰ মাজত প্ৰেৰণ কৰিছিল।
১৯৯০ চনৰ এই দিনটোতেই ভাৰত চৰকাৰৰ অত্যাৱশ্যকীয় পণ্য সৰবৰাহ আইন প্ৰত্যাহাৰ।
১৯৮১ চনত ইন্দিৰা গান্ধীৰ আমোলত এই আইন ভাৰতত জাৰি কৰা হৈছিল।
১৯৮১ চনৰ এই দিনটোতেই পোলেণ্ডত সামৰিক বাহিনীৰ ক্ষমতা দখল।
১৯৯৩ চনৰ এই দিনটোতেই ৰাছিয়াত নতুন সংবিধানৰ বাবে হোৱা গণভোটত বৰিছ য়েল্টছিন জয়ী হৈছিল।
১৯৮৯ চনৰ আজিৰ দিনটোতেই অপহৃত ডাঃ ৰুবীয়া ছয়ীদৰ মুক্তি।
১৯২৮ চনৰ আজিৰ দিনটোতেই কবি-সমালোচক জ্ঞানানন্দ শৰ্মা পাঠকৰ জন্ম হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৩ ডিচেম্বৰ
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
You might also like