১৬৩০ চনৰ আজিৰ দিনটোতেই জাৰ্মান জ্যোতিৰ্বিজ্ঞানী যোহানছ কেপলাৰৰ জন্ম হৈছিল।
১৮৯৪ চনৰ এই দিনটোতেই সাহিত্যিক বাণীকান্ত কাকতিৰ জন্ম হৈছিল।
১৯৪৯ চনৰ এই দিনটোতেই মহাত্মা গান্ধীৰ হত্যাত অভিযুক্ত নাথুৰাম গডছে আৰু নাৰায়ণ দণ্ডাত্ৰেয় আপ্তেক আম্বালা জেলত ফাঁচী দিয়া হৈছিল।
১৯৫২ চনৰ এই দিনটোতেই সাহিত্যিক বাণীকান্ত কাকতিৰ মৃত্যু হৈছিল।
১৯৮২ চনৰ এই দিনটোতেই ভূ-দান আন্দোলনৰ নেতা বিনোৱা ভাৱেৰ মৃত্যু হৈছিল।
১৯৮৩ চনৰ আজিৰ দিনটোতেই চাইপ্ৰাছৰ স্বাধীনতা লাভ।
১৯৮৬ চনৰ আজিৰ দিনটোতেই আন্তৰ্জাতিক খ্যাতিসম্পন্ন ভাৰতীয় মহিলা টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ জন্ম হৈছিল। একক শাখাত বিশ্বৰ ২৭ নম্বৰ স্থানৰ মহিলা টেনিছ খেলুৱৈৰ সন্মান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় ছানিয়া মিৰ্জাৰ বিশ্বৰ বহু আগশাৰীৰ খেলুৱৈক পৰাস্ত কৰি টেনিছ জগতত চমক।
১৯৮৮ চনৰ এই দিনটোতেই পেলেষ্টাইনী নেতা য়াছেৰ আৰাফটৰ ইজৰাইলৰ জৰ্দান নদীৰ পশ্চিম পাৰ(West Bank) আৰু গাজা ভূখণ্ডক লৈ স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰ ঘোষণা।কিন্তু কাষৰিয়া দেশ ইজৰাইলে এই ৰাষ্ট্ৰক স্বীকৃতি নিদিয়াৰ পৰিনতিত আৰম্ভ হয় বিক্ষোভ আৰু সংঘৰ্ষ। বৰ্তমানো পেলেষ্টাইন ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই।
১৯৮৮ চনৰ এই দিনটোতেই ভাৰতত ভোটাধিকাৰৰ বয়স ২১ বছৰৰ পৰা ১৮ বছৰলৈ হ্ৰাস।
১৯৮৯ চনৰ আজিৰ দিনটোতেই পাকিস্তানৰ বিৰুদ্ধে শচীন টেণ্ডুলকাৰৰ প্ৰথমখন এদিনীয়া আন্তৰ্জাতিক টেষ্ট মেচত অংশগ্ৰহণ।
১৯৯৮ চনৰ আজিৰ দিনটোতেই নামেৰী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা।
২০০০ চনৰ আজিৰ দিনটোতেই বিহাৰৰ ভৌগোলিক এলেকাৰ ৪৫ শতাংশ মাটিকালিৰে নতুন ঝাৰখণ্ড ৰাজ্য গঠন।
২০০০ চনৰ আজিৰ দিনটোতেই সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৫ নৱেম্বৰ
Prev Post
Next Post
You might also like