আজি ১৫ নৱেম্বৰ

▶️১৬৩০ চনৰ এই দিনটোতেই জাৰ্মান জ্যোতিৰ্বিজ্ঞানী যোহানছ কেপলাৰৰ মৃত্যু।
▶️১৮৯৪ চনৰ এই দিনটোতেই সাহিত্য সমালোচক বাণীকান্ত কাকতিৰ জন্ম হৈছিল।
▶️১৯৪৯ চনৰ আজিৰ দিনটোতেই মহাত্মা গান্ধীৰ হত্যাত অভিযুক্ত নাথুৰাম গডছে আৰু নাৰায়ণ দণ্ডাত্ৰেয় আপ্তেক আম্বালা জে’লত ফাঁচি।
▶️১৯৫২ চনৰ এই দিনটোতেই সাহিত্য সমালোচক বাণীকান্ত কাকতিৰ মৃত্যু।
▶️১৯৮২ চনৰ আজিৰ দিনটোতেই ভূ-দান আন্দোলনৰ নেতা বিনোৱা ভাৱেৰ মৃত্যু।
▶️১৯৮৩ চনৰ এই দিনটোতেই চাইপ্ৰাছৰ স্বাধীনতা ঘোষণা।
▶️১৯৮৬ চনৰ আজিৰ দিনটোতেই আন্তৰ্জাতিক খ্যাতিসম্পন্ন ভাৰতীয় মহিলা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাৰ জন্ম। একক শাখাত বিশ্বৰ ২৭ নম্বৰ স্থান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা টেনিছ খেলুৱৈ।
▶️১৯৮৮ চনৰ আজিৰ দিনটোতেই পেলেষ্টাইনী নেতা য়াছেৰ আৰাফটৰ ইজৰাইলৰ জৰ্ডান নদীৰ পশ্চিম পাৰ আৰু গাজা ভূ-খণ্ডক লৈ স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰ ঘোষণা।কিন্তু কাষৰীয়া দেশ ইজৰাইলে এই ৰাষ্ট্ৰক স্বীকৃতি নিদিয়াৰ পৰিনতিত আৰম্ভ হয় বিক্ষোভ আৰু সংঘৰ্ষ।
▶️১৯৮৮ চনৰ এই দিনটোতেই ভাৰতৰ ভোটাধিকাৰৰ বয়সৰ সময়সীমা ২১ বছৰৰ পৰা ১৮ বছৰলৈ হ্ৰাস।
▶️১৯৮৯ চনৰ আজিৰ দিনটোতেই পাকিস্তানৰ বিৰুদ্ধে শচীন তেণ্ডুলকাৰৰ প্ৰথমখন আন্তৰ্জাতিক টেষ্ট মেচত অংশগ্ৰহণ।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই নামেৰী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা।
▶️২০০০ চনৰ আজিৰ দিনটোতেই বিহাৰৰ ভৌগোলিক এলেকাৰ ৪৫ শতাংশ মাটিকালিৰে নতুন ঝাৰখণ্ড ৰাজ্য গঠন।
▶️২০০০ চনৰ আজিৰ দিনটোতেই সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান।।

 

You might also like
Leave A Reply

Your email address will not be published.