আজি ১৮ ফেব্ৰুৱাৰী

▶️আজি গাম্বিয়াৰ স্বাধীনতা দিৱস।
▶️খ্ৰীষ্টপূৰ্ব ৩১০২ৰ আজিৰ দিনটোতেই কলিযুগৰ আৰম্ভ।
▶️১৪৮৬ চনৰ এই দিনটোতেই বংগৰ বৈষ্ণৱ কবি চৈতন্যদেৱৰ জন্ম হৈছিল।
▶️১৫৪৬ চনৰ এই দিনটোতেই সংস্কাৰবাদী আন্দোলনৰ নেতা,ধৰ্মীয় সংস্কাৰক মাৰ্টিন লুথাৰৰ মৃত্যু হৈছিল।
▶️১৫৬৪ চনৰ আজিৰ দিনটোতেই ইটালীৰ চিত্ৰশিল্পী, ভাস্কৰ মাইকেল এঞ্জেলোৰ মৃত্যু ঘটিছিল।
▶️১৬৭৮ চনৰ এই দিনটোতেই ইংৰাজ সাহিত্যিক জন বানিয়নৰ প্ৰথম গ্ৰন্থ ‘দি পিলগ্ৰিমছ প্ৰগ্ৰেছ’ৰ প্ৰথম খণ্ড প্ৰকাশ।
▶️১৮৩৬ চনৰ এই দিনটোতেই ৰামকৃষ্ণ পৰমহংসৰ জন্ম হৈছিল।
▶️১৮৮৫ চনৰ আজিৰ দিনটোতেই মাৰ্কিন সাহিত্যিক মাৰ্ক টোৱেইনৰ প্ৰসিদ্ধ গ্ৰন্থ ‘দি এডভেন্সাৰ্ছ অব হাকলবেৰী ফিন’ৰ প্ৰথম প্ৰকাশ।
▶️১৯১১ চনৰ আজিৰ দিনটোতেই বিশ্বত বিমানযোগে ডাক পৰিবহন ব্যৱস্থাৰ সূচনা।প্ৰথম বিমান ডাক প্ৰেৰণ কৰা হৈছিল এলাহাবাদৰ ওচৰৰ বামৰাওলিৰ পৰা গংগা নদীৰ সিপাৰৰ নাইনিলৈ। দুৰত্ব প্ৰায় ১০ কিলোমিটাৰ (৬ মাইল)।
▶️১৯২৪ চনৰ এই দিনটোতেই সাহিত্যিক হিতেশ ডেকাৰ জন্ম হৈছিল।
▶️১৯৩১ চনৰ আজিৰ দিনটোতেই নোবেল জয়ী মাৰ্কিন লেখিকা টনী মৰিছন(প্ৰকৃত নাম কোল এন্টনী ৱফোৰ্ড)ৰ জন্ম হৈছিল। ১৯৯৩ চনত তেওঁ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৩১ চনৰ এই দিনটোতেই ভাৰতীয় উদ্যোগপতি স্বৰাজ পালৰ জন্ম হৈছিল।
▶️১৯৪৫ চনৰ আজিৰ দিনটোতেই কলিযুগৰ অন্ত পৰিছিল।
▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই বোম্বাই (মুম্বাই) নৌ-বিদ্ৰোহ আৰম্ভ। ৭ হেজাৰ ভাৰতীয় নৌ-সেনাই এই বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল।
▶️১৯৫১ চনৰ এই দিনটোতেই নেপালত প্ৰতিষ্ঠা হৈছিল সাংবিধানিক ৰাজতন্ত্ৰ।
▶️১৯৫৩ চনৰ আজিৰ দিনটোতেই বিশ্বৰ প্ৰথমখন ত্ৰিমাত্ৰিক ছবি ‘বিৱানা ডেভিল'(Bwana Devil)ৰ মুক্তি।
▶️১৯৫৯ চনৰ এই দিনটোতেই অইল ইণ্ডিয়া লিমিটেড(OIL)ৰ জন্ম।
▶️১৯৬৭ চনৰ আজিৰ দিনটোতেই মাৰ্কিন বিজ্ঞানী ৰবাৰ্ট অপেনহেইমাৰৰ মৃত্যু ঘটিছিল।
▶️২০০৭ চনৰ এই দিনটোতেই গুৱাহাটীত অনুষ্ঠিত ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সামৰণি পৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.