ইণ্টাৰনেচনেল ডেস্ক:

বিশ্ব বেংকৰ মুৰব্বী ডেভিদ মালপাছৰ পদত্যাগ। কাৰ্যকাল শেষ হোৱাৰ প্ৰায় এবছৰ পূৰ্বে পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে বিশ্ব বেংকৰ মুৰব্বীগৰাকীয়ে। জলবায়ু সম্পৰ্কে তেওঁৰ স্থিতিৰ ওপৰত উঠা প্ৰশ্নৰ বাবে বিশ্ব বেংকৰ মুৰব্বী হিচাপে থকা কাৰ্যকালৰ অন্ত পেলায়। আমেৰিকাৰ ৰিপাব্লিকান প্ৰশাসনৰ প্ৰবীণ নেতাগৰাকীয়ে ২০১৯ চনত ড’নাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হৈ থকাৰ সময়তে এই পদত নিযুক্তি লাভ কৰিছিল। ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ কোষাগাৰৰ অৱৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।উল্লেখ্য যে, মালপাছৰ কাৰ্যকাল ২০২৪ চনত শেষ হ’লহেঁতেন।

আমেৰিকাই পৰম্পৰাগতভাৱে বিশ্ব বেংকৰ মুৰব্বীক মনোনীত কৰে। আনহাতে ইউৰোপে ইয়াৰ ব্ৰেটন উডছৰ প্ৰতিষ্ঠান আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুৰব্বীক মনোনীত কৰে। বিশ্লেষকসকলে বাইডেন প্ৰশাসনৰ পৰৱৰ্তী সম্ভাৱ্য হিচাপে উল্লেখ কৰা নামসমূহৰ ভিতৰত আছে আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থাৰ মুৰব্বী সামান্থা পাৱাৰ আৰু ৰকফেলাৰ ফাউণ্ডেশ্যনৰ সভাপতি তথা ইউএছএআইডিৰ প্ৰাক্তন মুৰব্বী ৰাজীৱ শ্বাহ।।

You might also like
Leave A Reply

Your email address will not be published.