চীনৰ চৰকাৰী ক’ভিড তথ্যৰ ওপৰত সন্দেহ গৱেষকৰ!

চীনৰ চৰকাৰী ক'ভিড তথ্যৰ ওপৰত সন্দেহ গৱেষকৰ!

ইণ্টাৰনেচনেল ডেস্ক:

যোৱা ডিচেম্বৰ মাহত চীনে শূন্য ক’ভিড নীতি পৰিত্যাগ কৰি সকলো নিষেধাজ্ঞা উঠাই লোৱাৰ পিছত সকলোতে হঠাৎ আৰু ব্যাপকভাৱে বৃদ্ধি পায় ক’ভিড ৰোগীৰ সংখ্যা।মৃতদেহৰে আৱৰি ধৰা শ্মশান আৰু ৰোগীক ঘূৰাই পঠিওৱাৰ ফলত চিকিৎসালয়ত সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশৰ। কিন্তু ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধিৰ পিছতো চীনৰ মুঠ ক’ভিডৰ মৃত্যুৰ সংখ্যা ৯ ফেব্ৰুৱাৰীলৈকে ৮৩,১৫০, যিটো যথেষ্ঠ কম। ইয়াৰ ফলত চীনৰ চৰকাৰী ক’ভিড তথ্যৰ ওপৰত সন্দেহৰ সৃষ্টি হয় বহু বিশেষজ্ঞ তথা গৱেষকৰ ।

আনহাতে, বহু গৱেষকৰ মতে ঘৰতে মৃত্যু হোৱা লোকসকলক বাদ দি চিকিৎসালয়ত মৃত্যু হোৱা লোকসকলকহে ক’ভিডৰ মৃত্যুৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ডিচেম্বৰৰ পৰা মহামাৰী বিজ্ঞানীসকলে চীনৰ ক’ভিড ডাটাৰ খেলিমেলি সমাধানৰ বাবে কাম কৰি আহিছে আৰু এতিয়া কিছু পৰ্যায়ৰ সিদ্ধান্তত উপনীত হৈছে। হয়তো চীনত ১০ লাখৰ পৰা ১৫ লাখ লোকৰ মৃত্যু হৈছে ক’ভিডত । চাৰিটা গৱেষকৰ দলে বিভিন্ন ক্ষেত্ৰত অধ্যয়ন কৰি এনে এক আনুমানিক সিদ্ধান্তত উপনিত হৈছে।অবশ্যে চীনৰ পৰা কোনো নিৰ্ভৰযোগ্য তথ্য অবিহনে সকলো কেৱল অনুমানহে। কিন্তু এই অনুমানবোৰ চৰকাৰী পৰিসংখ্যাতকৈ অধিক যুক্তিযুক্ত ।চীনৰ চৰকাৰী পৰিসংখ্যা আৰু গৱেষকৰ অনুমানৰ মাজৰ ব্যৱধান অতি চিন্তনীয়।।

You might also like
Leave A Reply

Your email address will not be published.