ইণ্টাৰনেচনেল ডেস্ক:
আমেৰিকাৰ চেনেটত বিৰল প্ৰস্তাৱ। ভাৰতৰ প্ৰতি সমস্বৰে সমৰ্থনৰ এক বিৰল দৃশ্য দেখা গ’ল আমেৰিকাৰ চেনেটত।বৃহস্পতিবাৰে তিনিগৰাকী শক্তিশালী চিনেটৰে আমেৰিকাৰ চেনেটত এক প্ৰস্তাৱ উত্থাপন কৰি দৃঢ়তাৰে অৰুণাচল প্ৰদেশ “ভাৰতৰ অবিচ্ছেদ্য অংগ” হিচাপে ভাৰতৰ “সাৰ্বভৌমত্ব আৰু ভূখণ্ড”ক সমৰ্থন কৰে। আনহাতে চীনক প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত যথাৰ্থ অৱস্থা সলনি কৰিবলৈ সামৰিক শক্তিৰ ব্যৱহাৰক গৰিহণা দিয়ে। লগতে চীনৰ পৰা অহা “আগ্ৰাসন আৰু নিৰাপত্তাৰ ভাবুকি” প্ৰতি ভাৰত চৰকাৰে “নিজকে ৰক্ষা” কৰিবলৈ লোৱা পদক্ষেপৰ বাবে প্ৰশংসা কৰে প্ৰস্তাৱটোত।
জেফ মাৰ্কলি আৰু বিল হেগাৰ্টিয়ে উত্থাপন কৰা আৰু জন কৰ্নিনৰ সহযোগ তথা পৃষ্ঠপোষকতা কৰা এই প্ৰস্তাৱটোৱে ভাৰতৰ প্ৰতিৰক্ষা আধুনিকীকৰণ আৰু বৈচিত্ৰ্যকৰণকো সমৰ্থন কৰে। সীমান্তৰ আন্তঃগাঁথনিৰ উন্নতিকে ধৰি অৰুণাচলত ভাৰতৰ উন্নয়নমূলক প্ৰচেষ্টাক শলাগ লয় এই প্ৰস্তাৱত। অঞ্চলটোত আমেৰিকাৰ সহায় বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে জটিল আৰু উন্নত প্ৰযুক্তিৰ ওপৰত শেহতীয়াকৈ লোৱা পদক্ষেপ (আইচিইটি)কে ধৰি আমেৰিকা-ভাৰত দ্বিপাক্ষিক অংশীদাৰিত্বৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে।।
