হাৰিয়ানাত চাঞ্চল্যকৰ ঘটনা!

নেচনেল ডেস্ক:

হাৰিয়ানাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। এখন ভষ্মীভূত বাহনৰ পৰা উদ্ধাৰ হৈছে ২ টাকৈ অগ্নিদগ্ধ মৃতদেহ। মৃতদেহ উদ্ধাৰৰ পাছতেই সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। উল্লেখ্য যে, অগ্নিদগ্ধ মৃতদেহ ২ টা ৰাজস্থানৰ ভৰতপুৰ জিলাৰ পৰা অপহৃত ২৫ বছৰীয়া নাছিৰ আৰু ৩৫ বছৰীয়া জুনেইদ নামৰ দুই যুৱকৰ বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। বুধবাৰে ৰাজস্থানৰ ভৰতপুৰৰ পৰা ৫ গো ৰক্ষকে অপহৰণ কৰিছিল এই দুই যুৱকক। অৱশ্যে মৰোণত্তৰ আৰু DNA পৰীক্ষাৰ পাছতহে গম পোৱা যাব মৃতদেহ দুটাৰ প্ৰকৃত পৰিচয়। লোক দুজনক জীৱন্তে নে মৃত্যুৰ পাছত জ্বলাই দিয়া হৈছিল সেই সন্দৰ্ভতো আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। ইতিমধ্যে পৰিয়ালৰ লোকে বাহন খন চিনাক্ত কৰিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি জুনেইদৰ বিৰুদ্ধে আছিল গৰু চোৰাং ব্যৱসায় কৰাৰ গোচৰ। যাৰ বাবে গো ৰক্ষকে এই কাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। মনু মানেচাৰ, লোকেশ সিংইয়া, ৰিংকু চাইনী, অনিল আৰু শ্ৰীকান্ত নামৰ ৫ গো ৰক্ষকে অপহৰণ কৰিছিল নাছিৰ আৰু জুনেইদক।।

You might also like
Leave A Reply

Your email address will not be published.