আজি ১৯ অক্টোবৰ

▶️১২১৬ চনৰ ১৯ অক্টোবৰত ইংলেণ্ডৰ ৰজা জন (John)ৰ মৃত্যু। মাত্ৰ ৯ বছৰ বয়সতে তৃতীয় হেনৰীৰ ইংলেণ্ডৰ ৰজা ৰূপে অভিষেক।
▶️১৭৪৫ চনৰ আজিৰ দিনটোতেই ইংৰাজ ব্যংগ লেখক জনাথন ছুইফটৰ মৃত্যু।’গালিভাৰছ ট্ৰেভেলছ’ তেওঁৰ প্ৰসিদ্ধ ৰচনা।
▶️১৮১৩ চনৰ এই দিনটোতেই লিপজিগ যুদ্ধত ৰাছিয়া,প্ৰুছিয়া আৰু অষ্ট্ৰিয়াৰ সন্মিলিত শক্তিৰ হাতত নেপোলিয়নৰ পৰাজয়।তেওঁক এলবা দ্বীপলৈ নিৰ্বাসন। পিছত এই দ্বীপৰ পৰা পলাবলৈ নেপোলিয়ন সমৰ্থ হয় আৰু পুনৰ ফ্ৰান্সৰ শাসনভাৰ গ্ৰহণ কৰে।
▶️১৮৮৯ চনৰ আজিৰ দিনটোতেই ডিগবৈত ভাৰত তথা এছিয়াৰ সৰ্বপ্ৰথম ব্যৱসায়ভিত্তিক খাৰুৱা তেলৰ উৎপাদন আৰম্ভ।
▶️১৯৩৭ চনৰ এই দিনটোতেই ইংৰাজ পদাৰ্থ বিজ্ঞানী আৰ্নেষ্ট ৰাডাৰফোৰ্ডৰ মৃত্যু।
▶️১৯৭৫ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্য্যভট্টই ২,৭৪০ বাৰ পৃথিৱী ভ্ৰমণ সম্পূৰ্ণ কৰি ৪,৩০০ ঘন্টা মহাকাশত কটাই প্ৰায় ৮০ শতাংশ কাম সুচাৰুৰূপে পালন কৰিছিল।
▶️১৯৮৮ চনৰ এই দিনটোতেই বায়ুদূত বিমানৰ দূৰ্ঘটনাত গুৱাহাটীত ৩৪ গৰাকী লোকৰ মৃত্যু।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই উত্তৰ ভাৰতত প্ৰৱল ভূমিকম্পৰ ফলত ২ সহস্ৰ লোকৰ মৃত্যু।
▶️২০০১ চনৰ এই দিনটোতেই মাৰ্কিন স্থলসেনাৰ আফগানিস্তান আক্ৰমণ।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই মাডাৰ টেৰেছাক মৰণোত্তৰভাৱে ৰোমান কেথলিকৰ অন্যতম শীৰ্ষস্থানীয় ধৰ্মীয় মৰ্যাদা স্বৰ্গলাভৰ মুখপ্ৰাপ্তি(বিয়েটিফিকেচন) প্ৰদান কৰা হৈছিল।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই বৈষ্ণৱ পণ্ডিত ইলাৰাম দাসৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.