আজি ১ অক্টোবৰ

➡️ ১৫৭৪ চনৰ আজিৰ দিনটোতে তৃতীয় শিখ গুৰু অমৰ দাসৰ মৃত্যু হৈছিল।

➡️ ১৮৪৭ চনৰ ১ অক্টোবৰত বিশিষ্ট ইংৰাজ লেখিকা তথা সমাজবাদৰ প্ৰবক্তা এনি বেছাণ্টৰ জন্ম হৈছিল । ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰীৰ (১৯১৭) দায়িত্ব গ্ৰহণ কৰা এইগৰাকী বিদূষী মহিলাই ভাৰতত স্বায়ত্তশাসনৰ দাবীত আন্দোলন কৰিছিল।

➡️ ভাৰতত চৰকাৰীভাৱে ডাকটিকটৰ প্ৰৱৰ্তন আৰম্ভ হৈছিল ১৮৫৪ চনৰ আজিৰ দিনটোতে।

➡️ ১৮৮১ চনৰ ১ অক্টোবৰত ব’য়িং বিমান কোম্পানীৰ প্ৰতিষ্ঠাতা উইলিয়াম এডৱাৰ্ড ব’য়িঙৰ জন্ম হৈছিল।

➡️ ১৮৯৫ চনৰ ১ অক্টোবৰত পাকিস্তানৰ প্ৰথম প্ৰধান মন্ত্ৰী লিয়াকৎ আলী খাঁৰ জন্ম হৈছিল।

➡️ ইংৰাজে গঠন কৰা ‘মাদ্ৰাজ প্ৰেছিডেন্সি’ প্ৰদেশৰ ১১ খন জিলা একত্ৰিত হৈ নতুন অন্ধ প্ৰদেশ গঠিত হৈছিল ১৯৫৩ চনৰ ১ অক্টোবৰত।

➡️ ১৯৮৮ চনৰ আজিৰ দিনটোতে মিখাইল গৰ্বাচেভ ছোভিয়েট ৰাছিয়াৰ নতুন ৰাষ্ট্ৰপতি হৈছিল।

➡️ ১৯৬৭ চনৰ ১ অক্টোবৰত ভাৰত পৰ্যটন বিকাশ নিগম লিমিটেড গঠন হৈছিল।

➡️ জোখ-মাখৰ এককৰ ক্ষেত্ৰত ভাৰতত মেট্ৰিক পদ্ধতিৰ প্ৰৱৰ্তন হৈছিল ১৯৫৮ চনৰ ১ অক্টোবৰত।

➡️ ১৯৭৮ চনৰ ১ অক্টোবৰত বিবাহৰ ক্ষেত্ৰত ভাৰতত ছোৱালীৰ নুন্যতম বয়স ১৫ বছৰৰ পৰা ১৮ বছৰলৈ আৰু ল’ৰাৰ ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰা হৈছিল।

➡️ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু এক গ্ৰেনেড বিস্ফোৰণত আহত হৈছিল ২০০৩ চনৰ ১ অক্টোবৰত ।।

You might also like
Leave A Reply

Your email address will not be published.