ধেমাজিত আজিৰ কেবিনেটৰ মূল সিদ্ধান্ত

মাজুলীৰ পাছত দ্বীতিয় বাৰলৈ ৰাজধানীৰ বাহিৰত আজি ধেমাজিত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ-

▶️OBC চাৰ্টিফিকেট ইমানদিনে OBC ব’ৰ্ডে দি আছিল
▶️এতিয়াৰ পৰা জনগোষ্ঠীটোৱে দিব পাৰিব প্ৰমান পত্ৰ
▶️নিৰ্দিষ্ট সন্মিলনীয়ে দিব পাৰিব জনগোষ্ঠীয় চাৰ্টিফিকেট
▶️খিলঞ্জীয়া লোকে এতিয়াৰ পৰা মাটি কিনা-বেচা কৰিব পাৰিব
▶️৮৯ খন গাঁও লৈ নতুন ট্ৰাইবেল বেল্ট গঠন হব
▶️চুটিয়া,কোচ,তাই আহোম,গোৰ্খাই কিনা-বেচা কৰিব পাৰিব মাটি
▶️মাইক্ৰফাইনেন্সৰ ঋণ মাফৰ বাবে ১৮০০ কোটি টকা
▶️১১ লাখ মহিলাই পাব ২৫ হেজাৰ পৰ্যন্ত ধন
▶️অহা মাহৰ পৰা প্ৰদান কৰা হ’ব চেক
▶️নিয়মীয়া ঋন পৰিশোধ কৰি থকা সকলে পাব এই ধন
▶️ঋন পৰিশোধ নকৰা সকলৰ কথা বিবেচনা কৰা হব
▶️তেওঁলোকে আবেদন কৰাৰ বাবে মুকলি কৰা হ’ব প’ৰ্টেল
▶️জোনাইৰ পৰা মাজুলিলৈ মথাউৰিৰ ওপৰেৰে পথ
▶️পথ নিৰ্মানৰ নামত ব্যয় হ’ব ১৮৩ কোটি টকা
▶️ধেমাজিত হ’ব ৫০ কোটি টকা ব্যয়সাপেক্ষ ষ্টেডিয়াম
▶️বান নিয়ন্ত্ৰনৰ বাবে ধেমাজীলৈ ১৫০ কোটি অনুমোদন
▶️কাগজ কলৰ বাবে মুঠ ৭০০ কোটিৰ পেকেজ
▶️৭০০ কোটিৰ ৫৭০ কোটি কাগজ কলৰ কৰ্মচাৰীৰ বাবে
▶️ডিব্ৰুগড়-শিলচৰক পৌৰ নিগম কৰা হ’ব
▶️অত্যাধুনিক হ’ব ধেমাজিৰ উপায়ুক্তৰ কাৰ্যালয়
▶️সকলো কাৰ্যালয় সংযুক্ত হ’ব DC কাৰ্যালয়ৰ সৈতে
▶️ইয়াৰ বাবে কেবিনেটত ৫০ কোটি টকাৰ অনুমোদন
▶️ধেমাজিৰ বাবে মুঠ ৪৩৩ কোটি টকা অনুমোদন কেবিনেটৰ
▶️মেডিকেল কলেজৰ ভূমি অধিগ্ৰহন প্ৰক্ৰিয়া আৰম্ভ হব
⏹কেবিনেটৰ পাছতে মুখ্যমন্ত্ৰী ড০ বিশ্ব শৰ্মাৰ মন্তব্য-
“আমি দৰিদ্ৰ প্ৰদেশ নহয়, এয়াই আমাৰ চৰকাৰৰ দৃষ্টিভংগী”
▶️প্ৰতি মাহে পৃথক জিলাত কেবিনেট পতাৰ সিদ্ধান্ত
▶️এই কেবিনেট ৩ দিনীয়া কাৰ্যসূচীৰে পালন হব
▶️নবেম্বৰত বঙাইগাওঁ, ডিচেম্বৰত হাফলঙত কেবিনেট।।

You might also like
Leave A Reply

Your email address will not be published.