আজি ১ ডিচেম্বৰ

➡ আজি বিশ্ব এইডছ দিৱস।

➡ ১৯৩৫ চনৰ আজিৰ দিনটোতে বৰ্তমানৰ ফ্ৰান্স, ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীৰ মৃত্যু হৈছিল।

➡ ১৯৫৭ চনৰ ১ ডিচেম্বৰত নগা বসতিপ্ৰধান অঞ্চলক লৈ ‘নাগা হিলচ টুৱেংচাং এৰিয়া’ গঠন হৈছিল।

➡ ঐতিহাসিক ‘এন্টাৰ্কটিকা ট্ৰিটী’ স্বাক্ষৰিত হৈছিল ১৯৫৯ চনৰ আজিৰ দিনটোতে।

➡ ১৯৬৩ চনৰ ১ ডিচেম্বৰত নাগালেণ্ডক ভাৰতৰ পূৰ্ণৰাজ্যত স্বীকৃতি প্ৰদান কৰা হৈছিল।

➡ ১৯৬৪ চনৰ আজিৰ দিনটোতে ইংৰাজ ভৌত ৰসায়নবিদ আৰু প্ৰজননতাত্ত্বিক জে বি এছ হলডেনৰ মৃত্যু হৈছিল।

➡ আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা ‘বি বি চিৰ সমীক্ষা’ত মহাত্মা গান্ধী ‘শতিকাৰ শ্ৰেষ্ঠ এছীয়’ আৰু ইন্দিৰা গান্ধী ‘সহস্ৰাব্দৰ শ্ৰেষ্ঠ মহিলা’ ৰূপে নিৰ্বাচিত হৈছিল ১৯৯৯ চনৰ ১ ডিচেম্বৰত।

➡ ১৯৮১ চনৰ আজিৰ দিনটোতে পষেকীয়া বাৰ্তালোচনী ‘প্ৰান্তিক’ৰ প্ৰথম প্ৰকাশ হৈছিল। মুখ্য সম্পাদক আছিল ডঃ ভবেন্দ্ৰ নাথ শইকীয়া। সম্পাদক প্ৰদীপ বৰুৱা।

➡ ১৯৯০ চনৰ ১ ডিচেম্বৰত বিজয়লক্ষ্মী পণ্ডিতৰ মৃত্যু হৈছিল।

➡ ২০০৪ চনৰ আজিৰ দিনটোতে সম্পূৰ্ণ কেৰিয়াৰ বিষয়ক প্ৰথম আৰু একমাত্ৰ অসমীয়া আলোচনী ‘মাহেকীয়া কেৰিয়াৰ গাইড’ৰ প্ৰকাশ হৈছিল। সম্পাদক আছিল প্ৰীতিমা কৌশিক বৰুৱা।

➡ কাটাৰৰ দোহাতা পঞ্চদশ এছিয়ান গেমছ আৰম্ভ হৈছিল ২০০৬ চনৰ ১ ডিচেম্বৰত। ১৫ ডিচেম্বৰত এই ক্ৰীড়া সমাৰোহৰ সামৰণি পৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.