প্ৰাক্তন বিধায়ক অতুল কুমাৰ শৰ্মাৰ দেহাৱসান

নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক, অসম আন্দোলনৰ অগ্ৰনী নেতা,সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন উপ-সভাপতি অতুল কুমাৰ শৰ্মা ( ৬৪)ৰ আজি বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰলোকপ্ৰাপ্তি ঘটে। যোৱা ২৫ নৱেম্বৰত উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হোৱাত ততাতৈয়াকৈ গুৱাহাটীৰ ডাউনটাউন হস্পিটেলত ভৰ্তি কৰাৰ পাছত কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰিত কৰা হয় প্ৰাক্তন বিধায়ক গৰাকীক। বিশেষজ্ঞ চিকিৎসকে চিকিৎসা সেৱা প্ৰদান কৰাৰ মাজতে আজি দুপৰীয়া প্ৰায় ১২ বজাত অতুল কুমাৰ শৰ্মাৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ পাছত বিয়লি প্ৰায় ৫.৫৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ১৯৫৭ চনৰ ৫ ডিচেম্বৰত নগাঁও জিলাৰ চামগুৰিৰ তেলীয়াগাঁৱত জন্মগ্ৰহণ কৰে অতুল কুমাৰ শৰ্মাই। নগাঁও জিলাৰ শালনা চাহ বাগিচাত পিতৃৰ কৰ্ম সূত্ৰে ডাঙৰ দীঘল হোৱাৰ পাছত পুৰণিগুদামত শিক্ষা জীৱন আৰম্ভ কৰে। ইপিনে, কলেজত নাম ভৰ্তি কৰাৰ সময়ত সমগ্ৰ ৰাজ্যখনত অস্তিত্ব ৰক্ষা আন্দোলন আৰম্ভ হয় আৰু এই আন্দোলনত অতুল কুমাৰ শৰ্মা জপিয়াই পৰে। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে অসম চুক্তি স্বাক্ষৰিত হয়। চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত তেওঁ অসম গণ পৰিষদ দলত যোগদান কৰি ১৯৮৫ আৰু ১৯৯১ চনত চামগুৰি বিধানসভা সমষ্টিৰ পৰা দলীয় টিকটত অৱতীৰ্ণ হয় যদিও পৰাজয় বৰণ কৰে। কিন্তু ১৯৯৬ চনত তেওঁ অগপ দলৰ পৰা চামগুৰি বিধানসভা সমষ্টিত পুনৰ অৱতীৰ্ণ হৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।প্ৰাক্তন বিধায়ক গৰাকীৰ মৃত্যুত ৰাজ্যৰ ৰাজনৈতিক মহলত শোকৰ ছাঁ পৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.