যোৰহাট আদালতত উত্তপ্ত পৰিস্থিতি

অনিমেষ ভূঞা হত্যাকাণ্ডৰ ১২ অভিযুক্তক আদালতত হাজিৰ। মূল অভিযুক্ত নিৰজ দাস ওৰফে ক’লা লৰাক আজি হাজিৰ কৰোৱা ন’হল আদালতত। ৭ অভিযুক্তক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰন। আৰক্ষীয়ে ৭ দিনৰ বাবে বিচাৰিছিল নিজৰ জিম্মাত। আন ৫ অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে।আজি অভিযুক্ত সকলক আদালতত হাজিৰ কৰোৱাৰ পৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। আদালত চৌহদত পূৰ্বৰ পৰাই সমবেত ক্ষুদ্ধ একাংশ লোকে লপা-থপা দিবলৈ উদ্যত হয় জনপ্ৰিয় ছাত্ৰ অনিমেষ ভূঞাৰ হত্যাৰ অভিযুক্ত সকলক।।

You might also like
Leave A Reply

Your email address will not be published.