আজি ২০ ডিচেম্বৰ

▶️১৫৯০ চনৰ এই দিনটোতেই আধুনিক শৈল্য চিকিৎসাৰ জনক ৰূপে অভিহিত প্ৰখ্যাত ফৰাচী চিকিৎসক আমৰায় পৰীৰ মৃত্যু হৈছিল।
▶️১৭৫৭ চনৰ এই দিনটোতেই ৰবাৰ্ট ক্লাইভ বংগৰ গৱৰ্ণৰ হৈছিল।
▶️১৮৭৬ চনৰ আজিৰ দিনটোতেই ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ সমমৰ্যাদাসম্পন্ন গীত ‘বন্দে মাতৰম’ ৰচনা কৰিছিল বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে। গীতটোৰ সুৰাৰোপ কৰিছিল যদুনাথ ভট্টাচাৰ্যই।
▶️১৯০১ চনৰ আজিৰ দিনটোতেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা গোপালকৃষ্ণ গোখলে ভাৰতৰ গৱৰ্ণৰ জেনেৰেল পৰিষদৰ অতিৰিক্ত সদস্য হৈছিল।
▶️১৯৫১ চনৰ এই দিনটোতেই আমেৰিকা যুক্তৰাষ্ট্ৰই স্থাপন কৰা বিশ্বৰ প্ৰথমটো নিউক্লীয় শক্তি কেন্দ্ৰৰ বিদ্যুৎ উৎপাদন আৰম্ভ হৈছিল।
▶️১৯৬৮ চনৰ আজিৰ দিনটোতেই মাৰ্কিন ঔপন্যাসিক জন ষ্টেইন বেকৰ মৃত্যু হৈছিল। ‘দ্য গ্ৰেপছ অৱ ৰেথ’ তেওঁৰ প্ৰসিদ্ধ উপন্যাস। ১৯৬২ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৭১ চনৰ আজিৰ দিনটোতেই জুলফিকৰ আলী ভূট্টো পাকিস্তানৰ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হৈছিল।
▶️১৯৭১ চনৰ আজিৰ দিনটোতেই অষ্ট্ৰিয়াৰ ডঃ কুৰ্ট ৱালহাম ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান নিযুক্ত হৈছিল। ১৯৮১ চন পৰ্যন্ত তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৭২ চনৰ এই দিনটোতেই কুৰি শতিকাৰ শেষ চন্দ্ৰ অভিযান এপল’-১৭ৰ সফল সামৰণি।অভিযানলৈ যোৱা কেউজন মহাকাশচাৰীৰ নিৰাপদে পৃথিৱীত অৱতৰণ।
▶️১৯৮৮ চনৰ আজিৰ দিনটোতেই ৰণসিংঘা প্ৰেমদাসা শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হৈছিল।
▶️২০০১ চনৰ আজিৰ দিনটোতেই টেষ্ট ক্ৰিকেটত ভাৰতীয় স্পিনাৰ অনিল কুম্বলেৰ ৩০০ উইকেট দখল।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ তেওঁৰ ‘মৌন ওঁঠ মুখৰ হৃদয়’ উপন্যাস আৰু বড়ো সাহিত্যিক মংগল সিং হাজোৱাৰীলৈ ‘জিউনি মৌগথাং বিসম্বি আৰৌ সৰোজ’ৰ বাবে ২০০৫ চনৰ সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.