আজি ২১ ফেব্ৰুৱাৰী

▶️আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস।
▶️১৪৩১ চনৰ আজিৰ দিনটোতেই ফৰাছী দেশপ্ৰেমিক, জাতীয় বীৰাংগনা জোৱান অব আৰ্কক ডাইনী আখ্যা দি ইংৰাজৰ বিচাৰ।
▶️১৬৭৭ চনৰ এই দিনটোতেই সপ্তদশ শতিকাৰ বিশিষ্ট যুক্তিবাদী দাৰ্শনিক বেনেডিক্ট ডে স্পিনোজাৰ মৃত্যু হৈছিল।
▶️১৮০৪ চনৰ আজিৰ দিনটোতেই ইংৰাজ যন্ত্ৰবিদ ৰিচাৰ্ড ট্ৰেভিথিকে নিৰ্মাণ কৰা ভাপচালিত ৰে’লৰ প্ৰথম যাত্ৰা।ট্ৰেভিথিকৰ এই ৰে’লকে আধুনিক ৰে’লগাড়ীৰ প্ৰথম নমুনা ৰূপে জনা যায়।
▶️১৮৫২ চনৰ আজিৰ দিনটোতেই ৰুছ সাহিত্যিক, নাট্যকাৰ নিকোলাই গগলৰ মৃত্যু হৈছিল।
▶️১৮৭৮ চনৰ এই দিনটোতেই ইংলেণ্ডৰ নিউ হাভেনত বিশ্বৰ প্ৰথমখন টেলিফোন ডাইৰেক্টৰীৰ প্ৰকাশ। এই ডাইৰেক্টৰীত ৫০ জন গ্ৰাহকৰ নাম সন্নিবিষ্ট কৰা হৈছিল।
▶️১৯১৬ চনৰ এই দিনটোতেই ফ্ৰান্সৰ ভাৰ্দুনত প্ৰথম মহাসমৰৰ মাজতে মিত্ৰপক্ষ আৰু জাৰ্মানীৰ মাজত ভয়াবহ যুদ্ধ। ১৬ ডিচেম্বৰলৈকে চলা এই যুদ্ধ বিশ্ব ইতিহাসৰ আটাইতকৈ বেছি জনক্ষয়ী যুদ্ধবোৰৰ অন্যতম ৰূপে পৰিগণিত হৈছে।এই যুদ্ধত চাৰি লাখ মিত্ৰপক্ষৰ সৈন্য আৰু চাৰে তিনি লাখ জাৰ্মান সৈন্যৰ মৃত্যু হৈছিল।
▶️১৯৪৮ চনৰ আজিৰ দিনটোতেই ভাৰতৰ সংবিধানৰ খচৰা দাখিল। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধানখনৰ চূড়ান্ত ৰূপ দিয়া হয় আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা সংবিধানখন বলৱৎ হয়।সেইদিনাৰ পৰা ভাৰত এখন গণতন্ত্ৰ ৰূপে পৰিগণিত হয়।
▶️১৯৫৯ চনৰ আজিৰ দিনটোতেই দিল্লীত প্ৰেছ ক্লাৱ অব ইণ্ডিয়াৰ গঠন।
▶️১৯৭২ চনৰ আজিৰ দিনটোতেই তেতিয়াৰ মাৰ্কিন ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সনৰ চীন ভ্ৰমণ। চীনলৈ যোৱা নিক্সনেই হ’ল প্ৰথম মাৰ্কিন ৰাষ্ট্ৰপতি।
▶️২০০০ চনৰ আজিৰ দিনটোতেই নিৰুপমা ফুকনলৈ অনুবাদ সাহিত্যৰ বাবে সাহিত্য অকাডেমী বঁটা ঘোষণা।
▶️২০০৫ চনৰ এই দিনটোতেই জনপ্ৰিয় সংগীতজ্ঞ এ আৰ ৰেহমানলৈ উক্ত বৰ্ষৰ ‘লতা মংগেশকাৰ সন্মান’।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই গুৱাহাটীত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা আৰম্ভ হৈছিল।
▶️২০০৫ চনৰ এই দিনটোতেই মূল্য সংযোজিত কৰ বা ‘ভেট’ৰ প্ৰতিবাদত কনফেডাৰেছন অব অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ ভাৰত বন্ধ।।

You might also like
Leave A Reply

Your email address will not be published.