আজি ২২ অক্টোবৰ

▶️১৭৬৪ চনৰ আজিৰ দিনটোতেই বংগ আৰু বিহাৰত নবাবৰ শাসনৰ অন্ত, ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন আৰম্ভ।
▶️১৭৬৪ চনৰ এই দিনটোতেই বক্সাৰ যুদ্ধ। ইংৰাজৰ বিহাৰ অধিকাৰ।
▶️১৯৩৮ চনৰ আজিৰ দিনটোতেই পদাৰ্থ বিজ্ঞানী ছেষ্টাৰ কাৰ্লছনৰ ‘ইলেক্ট্ৰোফটোগ্ৰাফ’ নামৰ এক পদ্ধতিৰ আৱিষ্কাৰ। ১৯৪৭ চনত এই পদ্ধতিৰ ওপৰত ভিত্তি কৰিয়েই জেৰোগ্ৰাফী বা জেৰক্স মেচিন নিৰ্মাণ হৈছিল।
▶️১৯৪৭ চনৰ এই দিনটোতেই পাকিস্তানৰ প্ৰত্যক্ষ সমৰ্থনত পাঠান আৰু আন জনজাতি সম্প্ৰদায়ৰ কাশ্মীৰ আক্ৰমণ। কাশ্মীৰৰ ৰজা হৰি সিঙৰ ভাৰত চৰকাৰৰ সাহাৰ্য্য প্ৰাৰ্থনা আৰু কাশ্মীৰক ভাৰতভুক্তিৰ প্ৰস্তাৱ।
▶️১৯৭৫ চনৰ এই দিনটোতেই ইংৰাজ ইতিহাসবিদ আনৰ্ল্ড যোছেফ টয়নবিৰ মৃত্যু।
▶️১৯৬২ চনৰ আজিৰ দিনটোতেই ভাক্ৰা-নাংগল বহুমুখী নদী উপত্যকা প্ৰকল্প ৰাষ্ট্ৰৰ নামত উছৰ্গা।
▶️১৯৯৪ চনৰ আজিৰ দিনটোতেই শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জামিনি দেশনায়ক আৰু আন ৬০ গৰাকী লোক এক ভয়ংকৰ বোমা বিস্ফোৰণত নিহত হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই টাইৱানত প্ৰচণ্ড ভূমিকম্প।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ব’ফৰ্ছ মোকৰ্দমাৰ চাৰ্জশ্বীট দাখিল। ৰাজীৱ গান্ধীসহ আন চাৰিজনক অভিযুক্ত।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই লোকসভাৰ অধ্যক্ষ ৰূপে জি এম চি বালযোগী নিৰ্বাচিত।
▶️২০০১ চনৰ আজিৰ দিনটোতেই আফগানিস্তানৰ এক চিকিৎসালয়ত মাৰ্কিন বোমা বিস্ফোৰণত ১০০ লোক নিহত। হাজাৰ হাজাৰ আফগান শৰনাৰ্থীৰ পাকিস্তানলৈ যাত্ৰা।
▶️২০০২ চনৰ আজিৰ দিনটোতেই ‘যাযাবৰ’ ছদ্মনামেৰে বিখ্যাত বাংলা লেখক বিনয় মুখোপাধ্যায়ৰ ৯২ বছৰ বয়সত মৃত্যু।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই ফিফাৰ ৰেংকিঙত শীৰ্ষস্থান দখল কৰিছিল ব্ৰাজিলে।।

You might also like
Leave A Reply

Your email address will not be published.