আজি ২২ নৱেম্বৰ

▶️১৭৭৪ চনৰ আজিৰ দিনটোতেই ইংৰাজ সৈনিক,পাছলৈ ব্ৰিটিছ অধিকৃত ভাৰতৰ প্ৰশাসক ৰবাৰ্ট ক্লাইভৰ মৃত্যু হৈছিল।
▶️১৮৬৯ চনৰ এই দিনটোতেই নোবেল জয়ী ফৰাছী ঔপন্যাসিক আন্দ্ৰে পল গুইল্লোম জিদৰ জন্ম হৈছিল।
▶️১৮৮২ চনৰ আজিৰ দিনটোতেই ইবছেনৰ প্ৰসিদ্ধ নাটক ‘এন এনিমী অব দা পিপুল’ৰ প্ৰকাশ।
▶️১৮৯২ চনৰ এই দিনটোতেই ভাৰতপ্ৰেমী ইংৰাজ মীৰা বেনৰ (মেডেলিন শ্লাভে) ইংলেণ্ডত জন্ম হৈছিল। ১৯২৫ চনৰ ৬ নৱেম্বৰত তেওঁ ভাৰতলৈ আহে আৰু ক্ৰমে ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে জড়িত হৈ পৰে।১৯৫৯ চনৰ ১৮ জানুৱাৰীত তেওঁ ভাৰত ত্যাগ কৰে আৰু জীৱনৰ বাকিচোৱা সময় ভিয়েটনামৰ ওচৰৰ এখন গাঁৱত কটায়।
▶️১৯৪৪ চনৰ এই দিনটোতেই লেবাননৰ স্বাধীনতা লাভ।
▶️১৯৬৩ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি জন ফিৎজাৰেল্ড কেনেডীৰ মৃত্যু হৈছিল।
▶️১৯৮৭ চনৰ এই দিনটোতেই লোক-সংগীতজ্ঞ,কবি হেমাংগ বিশ্বাসৰ মৃত্যু হৈছিল।
▶️১৯৮৯ চনৰ এই দিনটোতেই ভাৰতৰ নৱম লোকসভা নিৰ্বাচন আৰম্ভ হৈছিল। এই নিৰ্বাচন ২৬ নৱেম্বৰলৈকে চলে।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই ইজিপ্তৰ বৌট্ৰছ বৌট্ৰছ ঘালী ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান পদত অধিষ্ঠিত হৈছিল। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান পদত অধিষ্ঠিত ঘালীয়েই প্ৰথম আফ্ৰিকাৰ প্ৰতিনিধি।
▶️২০০১ চনৰ আজিৰ দিনটোতেই নৰ্দাৰ্ন এলায়েঞ্চৰ হাতত তালিবানৰ আত্মসমৰ্পণৰ সিদ্ধান্ত।
▶️২০০৪ চনৰ এই দিনটোতেই পোন প্ৰথমবাৰৰ বাবে ইণ্ডো-এছিয়ান কাৰ ৰেলী উদ্বোধন।।

You might also like
Leave A Reply

Your email address will not be published.