আজি ২৩ ফেব্ৰুৱাৰী

▶️আজি গিয়েনাৰ গণতন্ত্ৰ দিৱস।
▶️আজি ব্ৰুনেইৰ স্বাধীনতা দিৱস।
▶️খ্ৰীষ্টপূৰ্ব ৫৭ৰ আজিৰ দিনটোতেই উজ্জ্বয়িনীৰ ৰজা বিক্ৰমাদিত্যৰ হাতত শক ৰজা পৰাজিত হৈছিল। এই দিনটোক স্মৰণীয় কৰি ৰখাৰ অৰ্থে বিক্ৰমাদিত্যই প্ৰৱৰ্তন কৰিছিল ‘বিক্ৰম পঞ্জিকা’ৰ।
▶️১৮২১ চনৰ এই দিনটোতেই ইংৰাজ কবি জন কীটছৰ মৃত্যু হৈছিল।
▶️১৮৫৫ চনৰ আজিৰ দিনটোতেই জাৰ্মান গণিতজ্ঞ তথা বিজ্ঞানী ফ্ৰেডেৰিক গাউছৰ মৃত্যু হৈছিল।
▶️১৯১৩ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ যাদুকৰ পি চি সৰকাৰ(প্ৰকৃত নাম প্ৰতুল চন্দ্ৰ সৰকাৰ)ৰ জন্ম হৈছিল।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই ক্ল’নিং পদ্ধতিৰে সৃষ্ট প্ৰথমটো প্ৰাণী ‘ডলী’ৰ জন্ম হৈছিল।
▶️২০০৪ চনৰ এই দিনটোতেই বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, অভিনেতা বিজয় আনন্দৰ মৃত্যু হৈছিল।
▶️২০০৫ চনৰ এই দিনটোতেই বিৰল মহাজাগতিক পৰিঘটনা! পৃথিৱীৰ পৰা ৫০ হেজাৰ আলোকবৰ্ষ দূৰৈত হিৰোছিমাৰ পাৰমাণৱিক বোমাতকৈও সহস্ৰগুণ প্ৰবল বিস্ফোৰণ সংঘটিত হৈছিল।
▶️২০০৭ চনৰ এই দিনটোতেই বাংলাদেশৰ নোবেলজয়ী অৰ্থনীতিবিদ মহম্মদ ইউনুছৰ ৰাজনীতিত যোগদান। তেওঁৰ ৰাজনৈতিক দলটোৰ নাম আছিল ‘নাগৰিক শক্তি’।।

 

You might also like
Leave A Reply

Your email address will not be published.