দিল্লীৰ নৱনিৰ্বাচিত মেয়ৰ শেলী অৱেৰয় কোন?

নেচনেল ডেস্ক:

মেধাসম্পন্ন শেলীৰ শৈক্ষিক কেৰিয়াৰো অতি উচ্চ মানৰ

চাৰিবাৰৰ প্ৰচেষ্টাৰ মূৰকত বুধবাৰে দিল্লী পৌৰ নিগমৰ মেয়ৰ হিচাপে নিৰ্বাচিত হয় আপৰ প্ৰাৰ্থী শেলী অবেৰয়। দিল্লীৰ পূব পেটেল নগৰ ৱাৰ্ডৰ পৰা প্ৰথমবাৰৰ বাবে কাউন্সিলাৰ হোৱা অবেৰয়ে এমচিডি নিৰ্বাচনত ১৫০টা ভোট লাভ কৰি জয়লাভ কৰে। আপৰ শেলী অবেৰয়ে বিজেপিৰ ৰেখা গুপ্তাক ৩৪ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি দিল্লীৰ মেয়ৰ হয় বুলি ঘোষণা কৰে এমচিডি বিষয়াসকলে। অবেৰয়ে ১৫০ টা ভোট লাভ কৰাৰ বিপৰীতে ৰেখা গুপ্তাই ১১৬ টা ভোট লাভ কৰিছিল।

শেলী অবেৰয়ে দিল্লী বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে কাম কৰিছিল আৰু ভাৰতীয় বাণিজ্য সংস্থাৰ (আইচিএ) জীৱনজোৰা সদস্য আছিল। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেনেজমেণ্টৰ পৰা দৰ্শনত অবেৰয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। মেয়ৰগৰাকীয়ে মহাবিদ্যালয়ৰ সকলো শিক্ষাৰ্থীৰ মাজত উদীয়মান মেধাৱীৰ বাবে ‘মিছ কমলা ৰাণী পুৰস্কাৰ’ আৰু বিশেষ বৃত্তিও লাভ কৰিছিল। দিল্লীৰ মুখ্যমন্ত্ৰী,উপ-মুখ্যমন্ত্ৰীয়ে দেশৰ ৰাজধানী চহৰখনৰ মেয়ৰ হিচাপে নিৰ্বাচিত অবেৰয়ক অভিনন্দন জ্ঞাপন কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.