আজি ২৪ নৱেম্বৰ

➡ আজি লাচিত দিৱস।

➡ ১৬৩২ চনৰ আজিৰ দিনটোতে সপ্তদশ শতিকাৰ বিশিষ্ট যুক্তিবাদী দাৰ্শনিক বেনেডিক্ট ডে স্পিনোজাৰ জন্ম হৈছিল।

➡ ১৮৫৯ চনৰ ২৪ নৱেম্বৰত চাৰ্লছ ডাৰউইনৰ প্ৰসিদ্ধ বিৱৰ্তনবাদ সম্পৰ্কীয় প্ৰথম গ্ৰন্থ প্ৰকাশ হৈছিল।

➡ সাহিত্যিক ৰজনীকান্ত বৰদলৈৰ জন্ম হৈছিল ১৮৬৭ চনৰ আজিৰ দিনটোতে।

➡ ১৯৮৬ চনৰ ২৪ নৱেম্বৰত তামিলনাডু বিধানসভাৰ সাতজন বিধায়কক বহিষ্কাৰ কৰা হৈছিল। ভাৰতৰ বিধানসভা নিৰ্বাচনত এনে ঘটনা এয়ে প্ৰথম।

➡ ১৯৯৫ চনৰ আজিৰ দিনটোতে বাংলাদেশ সংসদ ভংগ হৈছিল।

➡ ১৯৯৮ চনৰ ২৪ নৱেম্বৰত দিল্লী, ৰাজস্থান, মধ্য প্ৰদেশ আৰু মিজোৰামত বিধানসভা নিৰ্বাচন হৈছিল।

➡ অসমৰ প্ৰাক্তন মন্ত্ৰী দিগেন বৰাৰ মৃত্যু হৈছিল ২০০১ চনৰ আজিৰ দিনটোতে।

➡ ২০০২ চনৰ ২৪ নৱেম্বৰত জম্মু চহৰৰ ৰঘুনাথ মন্দিৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত ১১ জন দৰ্শনাৰ্থীয়ে থিতাতে প্ৰাণ হেৰুৱাইছিল। পিছত আৰক্ষীয়ে মন্দিৰটো সন্ত্ৰাসবাদীৰ কবলৰ পৰা মুক্ত কৰে।

➡ ২০০৩ চনৰ আজিৰ দিনটোতে ২৫ দিনীয়া ভ্ৰমণসূচী লৈ ভাৰতলৈ অহা নিউজীলেণ্ডৰ মহিলা ক্ৰিকেট দলে প্ৰথমখন মেচত জয়লাভ কৰিছিল।

➡ ২০০৪ চনৰ ২৪ নৱেম্বৰত ছিয়াছেনত ভাৰতে যুদ্ধবিৰতিৰ প্ৰস্তাৱ দাঙি ধৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.